কামপুৰ:- নগাঁও জিলাৰ ইতিহাসপ্ৰসিদ্ধ বৰকʼলাত আজি সাহিত্যৰথী, আধুনিকতাৰ অধিনায়ক লক্ষ্মীনাথ বেজবৰুৱাৰ ১৮ ফুট উচ্চতাৰ পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰে | অসমীয়া শিখ সকলৰ ৰাজ্যৰ অন্যতম সংস্কৃতিবান অঞ্চলৰূপে পৰিচিত নগাঁও জিলাৰ ইতিহাসপ্ৰসিদ্ধ বৰকলাত শুক্ৰবাৰে সাহিত্যৰথী, আধুনিকতাৰ অধিনায়ক লক্ষ্মীনাথ বেজবৰুৱাৰ এটি পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰা হয়।
বিশিষ্ট কবি ,সাহিত্যিক, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড°নন্দ সিং বৰকলাৰ ঐকান্তিক প্ৰচেষ্টাত ভাস্কৰ্য শিল্পী লক্ষ্যজিৎ বৰাই নিৰ্মাণ কৰি উলিয়াই প্ৰতিমূৰ্তিটো। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে বৰকলা আদৰ্শ লালুং গাঁৱৰ গাঁওবুঢ়া মনোৰাম ডেকাৰজাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ড° বসন্ত কুমাৰ গোস্বামী, ড° নৰেন কলিতা, ড°হিতেশ ডেকা আৰু ড° ভৱেন চন্দ্ৰ নেওগ।

উন্মোচনী অনুষ্ঠানত বিশিষ্ট কবি সাহিত্যিক নন্দ সিং বৰকলাই কয়, “সংস্কৃতিবান লোকৰ বসতিস্থান বৰকলা অঞ্চলৰ নতুন প্ৰজন্মক উজ্বীবিত কৰিবলৈ অঞ্চলটোত ইতিমধ্যে ভুপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি ইতিমধ্যে প্ৰতিষ্ঠা কৰা হৈছে | অসমীয়া ভাষা সাহিত্যৰ জনক ,অসমীয়া ভাষাৰ মেৰুদন্ড সাহিত্যৰথী বেজবৰুৱা সদায়েই জিলিকি থাকিব | সাহিত্য সংস্কৃতিৰ প্ৰতিষ্ঠাৰে অঞ্চলটোৰ ৰাইজৰ মাজত মহান অসমীয়াসকলৰ হৃদয়ত থাকে তাৰ বাবেই এই কামবোৰ কৰি থকা হৈছে |”