যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

বিশ্বনাথ – বিশ্বনাথ জিলাৰ বৰগাঙত অসম পৰিবহন নিগমৰ নৱনিৰ্মিত বাছ আস্থান মুকলি কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই। বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাঙত প্ৰায় দুটা দশকধৰি জৰাজীৰ্ণ অৱস্থাত থকা বৰগাঙ বাছ আস্থানটো অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত নিৰ্মাণ কৰি দেওবাৰে ৰাইজৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।

বৰগাঙ বাছ আস্থানটো মুকলি কৰে অসম চৰকাৰৰ সংখ্যালঘূ উন্নয়ন বিভাগৰ মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই। ৭০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বাছ আস্থানটোৰ মুকলি অনুষ্ঠানত এ এছ টি চিৰ অধ্যক্ষ অশোক ভট্টৰায় উপস্থিত থাকে।

মুকলি অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দত্তই কয় যে বৰগাঙত স্থাপন হোৱা বাছ আস্থানখনে বৰগাঙবাসী ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা পূৰণ কৰিলে। বৰগাঙৰ পৰা চলা পৰিবহন নিগমৰ বাছৰ জৰিয়তে যাতায়াতৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ যথেষ্ট সুবিধা হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।

ইফালে যাতায়তৰ ক্ষেত্ৰত বিহালীৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হোৱা বিষয়টো দীৰ্ঘদিন ধৰি উথাপিত হৈ আছে। এই ক্ষেত্ৰত বিহালী অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ যাতায়াতৰ সমস্যা সমুহ ৰোধ কৰাৰ বাবে পৰিবহন নিগমৰ অধ্যক্ষক নিৰ্দেশ প্ৰদনা কৰে মন্ত্ৰী ৰঞ্জিত দত্তই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply