বটবৃক্ষ সদৃশ বটদ্ৰৱা প্ৰকল্প

নিউজ ডেস্ক– “জয় জয় বটদ্ৰৱা বৈকণ্ঠ দুতয়।

সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়।।’

মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বৰদোৱা। নগাওঁ জিলাৰ পৰা ১৮ কি.মি দূৰত্বত অৱস্থিত এই বৰদোৱা সত্ৰ। গুৰুজনাৰ আদৰ্শ চানেকিৰ পলস পৰা এই বৰদোৱা সত্ৰক বিশ্বৰ পৰ্যটনক্ষেত্ৰ হিচাপে চিহ্নিত কৰিবলৈ অসম চৰকাৰে হাতত লৈছে এক বৃহৎ প্ৰকল্পৰ। ১৮৮ কোটি টকা ব্যয়েৰে আটক ধুনীয়া ধাৰ্মিক পৰ্যটনস্থলীৰূপে গঢ় দিয়া হ’ব বটদ্ৰৱাক। যোৱা ২৬ ডিচেম্বৰত ৰাজ্য়িক গৃহমন্ত্ৰী অমিত শ্বাহে শুভাৰম্ভ কৰিছিল এই প্ৰকল্পৰ। এই ধাৰ্মিক পৰ্যটন স্থানৰ জৰিয়তে দেশ–বিদেশৰ জনসাধাৰণে গুৰুজনাৰ বিষয়ে সবিশেষ জানিব পাৰিব।

বটদ্ৰৱা প্ৰকল্পৰ কলাকেন্দ্ৰৰ নক্সা

কিন্তু কেনে ধৰণৰ হব বটদ্ৰৱা প্ৰকল্পৰ আন্তঃগাথনি। বটবৃক্ষ সদৃশ হব বটদ্ৰৱা প্ৰকল্প।এই সমগ্ৰ প্ৰকল্পটোৰ বাবেই খুবেই আনন্দিত অনুভৱ কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে।

মাঘ মাহত হ’ব এই প্ৰকল্পৰ ভূমি পূজন

ইতিমধ্য়ে প্ৰস্তুত হ’ল বহু প্ৰত্য়াক্ষিত বটদ্ৰৱা প্ৰকল্পৰ ‘মাষ্টাৰ প্লেন’। মাঘ মাহত হ’ব এই প্ৰকল্পৰ ভূমি পূজন। দুবছৰৰ ভিতৰত অভিলাসী প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ পৰিকল্পনা ৰাজ্য় চৰকাৰৰ। গুৰুজনাৰ জন্মভূমিৰ বটদ্ৰৱাত ধৰ্মীয় আপু আধ্য়াত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰ হিচাপে উদ্দেশ্য়ৰে ৰাজ্য় চৰকাৰে লৈছে এই পদক্ষেপ।

গুৰু আসনৰ নক্সা

মাহিন্দ্ৰা কনচাল্টিং ইঞ্জিনিয়াৰছে প্ৰকল্পটোৰ প্ৰস্তুত কৰিছে মাষ্টাৰ প্লেন। স্বৰ্ণমন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হ’ব গুৰু আসন।

ঔষধি বাগিচাৰ নক্সা

বটদ্ৰৱা প্ৰকল্পত নিৰ্মাণ হ’ব লগা ঔষধি বাগিচাৰ নক্সা।

প্ৰশাসনিক ভৱনৰ নক্সা

লগতে সুকীয়া প্ৰশাসনিক ভৱনৰো এনেদৰে নক্সা প্ৰস্তুত কৰা হৈছে। ১৩০ বিঘা ভূমিত প্ৰাণ পাই উঠিব বটদ্ৰৱা প্ৰকল্পই। বিশ্বৰ পৰ্যটনক্ষেত্ৰ হিচাপে চিহ্নিত কৰিবলৈ অসম চৰকাৰে এই বৃহৎ আঁচনি হাতত লৈছে।

স্কিল ডেভেলপমেন্ট আঁচনিৰ পৰিকল্পনা

যুৱ প্ৰজন্মক শংকৰী কলা -কৃষ্টিৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ বটদ্ৰৱা প্ৰকল্পত এক কলা কৃষ্টি কেন্দ্ৰিক স্কিল ডেভেলপমেন্ট আঁচনিও যুগুত কৰা হৈছে।

এই প্ৰকল্পৰ জৰিয়তে নৱপ্ৰজন্মইয়ো শংকৰী কলা-কৃষ্টিৰ বিষয়ে অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব। বৰ্তমান সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা গুৰুজনাৰ আদৰ্শ, শংকৰী কলা-কৃষ্টিক বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াসেৰে ৰাজ্য় চৰকাৰে লৈছে এই পদক্ষেপ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply