বৰপেটা – মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগ তথা অসম আৰক্ষীয়ে জেহাদীৰ বিৰুদ্ধে গ্ৰহণ কৰ ব্যাপক তৎপৰতাৰ মাজতে বৰপেটাত আৰু এটা জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে। জেহাদীটো আবু বক্কৰ ছিদ্দিক বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে বৰপেটা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল জেহাদীটোৱে।
বিগত ৩ আগষ্টত আত্মসমৰ্পণ কৰা জেহাদীটোৰ ঘৰ বৰপেটাৰ যশিহাটীপাৰাত৷ আবু বক্কৰ ছিদ্দিকক বিচাৰি বিগত সময়চোৱাত আৰক্ষীয়ে অভিযান চলাই আছিল যদিও পলাতক জেহাদীটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল ৷
অৱশেষত আৰক্ষীৰ অভিযান তীব্ৰ হৈ পৰাৰ পিছতে ৩ আগষ্টৰ নিশা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ বাধ্য হৈ পৰিছিল জেহাদী আবু বক্কৰ৷ আজি জেহাদীটোক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰৰ পাছত বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই জেহাদীটোক গ্ৰেপ্তাৰৰ পাছতে অধিক সোধ-পোছৰ বাবে ৫ দিনৰ জিম্মাত লয় বৰপেটা আৰক্ষীয়ে৷
সূত্ৰই জনোৱামতে AQIS ৰ সহযোগী আনচাৰুল্লাহ বাংলা টীমৰ সৈতে প্ৰত্যক্ষ যোগাযোগ আছিল আবু বক্কৰ ছিদ্দিকৰ। এগৰাকী সাধাৰণ খেতিয়কৰ বেশত বৰপেটা জিলাৰ ভিন্ন স্থানত জেহাদীৰ কাৰ্যকলাপ চলাই গৈছিল আবু বক্কৰ ছিদ্দিকে৷ তথ্য অনুসৰি আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে জেহাদী কাৰ্যকলাপত লিপ্ত থকাৰ বহুতো তথ্য-প্ৰমাণ লাভ কৰিছে বৰপেটা আৰক্ষীয়ে ৷ ইপিনে বৰপেটা আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰা বৰপেটাৰ গৰেমাৰী গাঁৱৰ ছফিক উদ্দিন আহমেদ নামৰ এজন লোকক সোধপোচৰ অন্তত আৰক্ষীয়ে মুকলি কৰি দিছে ৷