বৰপেটাত ড্ৰাগছৰ বৃহৎ ব্যৱসায়

বৰপেটা – বৰপেটাত ড্ৰাগছৰ বৃহৎ ব্যৱসায় ৷ বৰপেটা জিলাৰ বিভিন্ন স্থানত এতিয়া ষ্টেচনাৰী দোকানতো বিক্ৰী হৈছে নিষিদ্ধ ব্ৰাউন চুগাৰ৷ বৰপেটা সদৰ থানাৰ আৰক্ষীৰ অভিযানত আটক এজন ড্ৰাগছ ব্যৱসায়ী৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰপেটাৰ সুহাবিল দলনিৰ ছহিদুল খান৷

বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰ পালহাজী বজাৰত থকা ষ্টেচনাৰী দোকান এখনৰ পৰা আটক কৰে ড্ৰাগছ ব্যৱসায়ী ছহিদুল খানক। আৰক্ষীয়ে ষ্টেচনাৰী দোকানখনৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰ ভৰ্তি ২১ টা কন্টেইনাৰৰ লগতে নিচাযুক্ত টেবলেট আৰু বিলাতী সুৰা৷

ধৃত ড্ৰাগছ ব্যৱসায়ী ছহিদুল খানে পালহাজী বজাৰৰ মাজ মজিয়াত ষ্টেচনাৰী সামগ্ৰীৰ দোকানৰ পৰাই পূব বৰপেটা অঞ্চলত দীৰ্ঘদিন ধৰি চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায়৷ উল্লেখ্য যে, বৰপেটাৰ পালহাজীৰ পৰা সমগ্ৰ নামনি অসমৰ লগতে বহিঃৰাজ়্যলৈও ড্ৰাগছ সৰবৰাহ হৈ আহিছে৷

বৰপেটা আৰক্ষীয়ে ইতিমধ্যে জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে। ডিমাপুৰৰ পৰা পালহাজীলৈ অহা নিষিদ্ধ ড্ৰাগছ বিভিন্ন স্থানলৈ সৰবৰাহ হৈ আহিছে যদিও এইপৰ্যন্ত ড্ৰাগছ ব্যৱসায়ৰ ঘাটি উৎখাট কৰাৰ ক্ষেত্ৰত সফল হ’ব পৰা নাই আৰক্ষী৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply