বৰপেটা – বৰপেটাত আটক ভূৱা চিকিৎসক। বৰপেটা চহৰত চেম্বাৰ খুলি ভূৱা চিকিৎসকজনে চলাই আছিল চিকিৎসা। আৰক্ষীয়ে অভিযান চলাই ভূৱা চিকিৎসকজনক আটক কৰাৰ লগতে ছিল কৰি দিয়ে চেম্বাৰ।
বৰপেটাত ভূৱা চিকিৎসকৰ দৌৰাত্ম্য৷ বৰপেটা চহৰৰ কল’নীত চেম্বাৰ খুলি মুকলিকৈ চিকিৎসা চলাই গৈছিল ভূৱা চিকিৎসকজন। আছাম ডেন্টেল কাউঞ্চিলৰ অভিযোগৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে অভিযান চলাই আটক কৰে ভূৱা চিকিৎসকজনক৷ বৰপেটা জিলা দণ্ডাধীশৰ উপস্থিতিত বৰপেটা আৰক্ষীয়ে অভিযান চলাই আটক কৰা ভূৱা দন্ত চিকিৎসক গৰাকীৰ নাম লুতফৰ ৰহমান৷
বৰপেটা চহৰৰ কল’নীত এম এছ ডেজ ডেন্টেল মেডিকেল হল নামৰ চেম্বাৰ খুলি লুটফৰ ৰহমানে চলাই আহিছিল দন্ত চিকিৎসা। কলা শাখাৰ উচ্চতৰ মাধ্যমিকলৈকে অধ্যয়ন কৰা লুটফৰ ৰহমানে নামৰ আগত ডাঃ লিখি চলাই গৈছিল দাঁতৰ চিকিৎসা৷ আৰক্ষীয়ে ভূৱা চিকিৎসকজনক আটক কৰাৰ লগতে চেম্বাৰটো চীল কৰি দিয়ে৷
আৰক্ষীয়ে ভূৱা।চিকিৎসকজনক আটক কৰাৰ লগতে দন্ত চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বহু সামগ্ৰী জব্দ কৰে৷ বৰপেটা চহৰত ভূৱা চিকিৎসকৰ বিৰুদ্ধে চলা অভিযানক লৈ চহৰখনত সৃষ্টি হৈছে চাঞ্চল্য ৷