বৰপেটা- বৰপেটাত লোমহৰ্ষক কাণ্ড। নিজ মাতৃয়ে ৰাজপথত আচাৰি আচাৰি হত্যাৰ চেষ্টা চলাই নিজৰ যমজ সন্তানক। থিতাতে নিহত হয় ১১ মহীয়া পুত্ৰ সন্তান। আনহাতে কন্যা সন্তান গৰাকী চিকিৎসালয়ত মৃত্য়ুৰ সৈতে যুঁজি আছে।
মাতৃগৰাকী অসম আৰক্ষীৰ কনিষ্টবল হিচাপে কৰ্মৰত। পাৰিবাৰিক অশান্তিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। স্বামীৰ পৰিয়ালৰ অত্যাচাৰ সহিব নোৱাৰি মানসিক ভাৰসাম্য হেৰুৱাই পেলায় মহিলাগৰাকীয়ে।
পিছে মহিলাগৰাকীয়ে সন্তানক হত্যা কথাৰ কথা অস্বীকাৰ কৰে। কোলাৰ পৰা পৰি মৃত্য়ু হোৱা বুলি মন্তব্য কৰে মহিলাগৰাকীয়ে। এই ঘটনাৰ বাবে চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে আৰক্ষীৰ কনিষ্টবল মাতৃগৰাকীক।