বৰপেটা – বৰপেটাত হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা৷ ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত বৰপেটাত হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা৷
বৰপেটাৰ সত্ৰীয়া সংস্কৃতিক বিশেষভাৱে সমৃদ্ধ আৰু মহীয়ান কৰা হোলীগীত আৰু ভোৰতাল নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্যেশ্যৰে বৰপেটাত আৰম্ভ হৈছে হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা৷ ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত বৰপেটাত অনুষ্ঠিত কৰা হৈছে ভোৰতাল আৰু হোলীগীতৰ কৰ্মশালা৷
পিক্সি মুভিজ আৰু একাডেমী অৱ খোলবাদ্যৰ সহযোগত ১১ দিনীয়াকৈ আৰম্ভ হোৱা হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালাখন বৰপেটাৰ ৰাখালথানত সোমবাৰে শুভ উদ্বোধন কৰা হয়৷ সত্ৰনগৰী বৰপেটাৰ ৰাখালথানত অনুষ্ঠিত কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠানত সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ লগতে ভূদেৱ দাস, কবিন দাসকে ধৰি কেবাগৰাকীও শিল্পীয়ে অংশগ্ৰহণ কৰে৷
নকুল দাস, বিপুল ওজা, মনোজ কুমাৰ দাস আৰু কবিন দাস আদি শিল্পী সকলে প্ৰশিক্ষণ প্ৰদান কৰিবলগা উক্ত কৰ্মশালাখন ২৮ জানুৱাৰীত সামৰণি পৰিব৷ কৰ্মশালা শুভাৰম্ভ অনুষ্ঠানত প্ৰশিক্ষক আৰু শিক্ষাৰ্থীসকলে হোলীগীতত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালাখন অংশগ্ৰহণ কৰে।