বৰপেটাত ৫০৩ গৰাকী পৰিয়ালৰ মাজত ভূমিৰ পট্টা বিতৰণ

বৰপেটা – বৰপেটাত ৫০৩ গৰাকী পৰিয়ালৰ মাজত ভূমিৰ পট্টা বিতৰণ। শিৱসাগৰৰ জেৰেঙা পথাৰৰ জনবহুল সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ। সমগ্ৰ ৰাজ্যৰ লগতে শনিবাৰে বৰপেটা জিলাতো ভূমিহীন খিলঞ্জীয়া লোকৰ মাজত আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা বিতৰণ কৰা হয়।

শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত আয়োজিত বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ভূমি পট্টা বিতৰণ কৰাৰ সমান্তৰালভাৱে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে আনুষ্ঠানিকভাৱে ভূমি পট্টা বিতৰণ কাৰ্যসূচী মুকলি কৰে।

ভূমি পট্টা বিতৰণ কাৰ্যসূচী উপলক্ষে দিয়া ভাষণত বিধায়ক গৰাকীয়ে এনে পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে দল-মত নিৰ্বিশেষে সকলোৱে এই চৰকাৰখনৰ এনে উন্নয়নমুখী পদক্ষেপৰ প্ৰশংসা কৰিবই লাগিব। ইয়াৰ আগতে সভাৰ আৰম্ভণীতে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আদৰণী ভাষণ দি কয় যে এইবাৰ বৰপেটা জিলাৰ ৫০৩ গৰাকী পৰিয়ালক ভূমি পট্টা বিতৰণ কৰা হ’ব।

শনিবাৰৰ ৫০৩ গৰাকী পৰিয়ালক লৈ যোৱা বছৰৰ পৰা বর্তমানলৈকে জিলাখনৰ ১৭৫১ গৰাকী পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হ’ল বুলিও জানিবলৈ দিয়ে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই। পৰবৰ্তী পৰ্যায়ত আৰু অধিক লোকক ভূমি পট্টা দিয়াৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰিও অভাৱগ্ৰস্ত ৰাইজক সকাহ দিয়াৰ বাবে হাতত লোৱা অৰুণোদয় আৰু ৰি-স্বয়ম আঁচনিৰ অগ্ৰগতিৰ বিষয়েও তেওঁ উল্লেখ কৰে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আতঁধৰা সভাখনৰ আৰম্ভণীতে ডাঙৰ পৰ্দাত জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়। সভাত শলাগৰ শৰাই আগবঢ়াই অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply