বৰপেটা – সমগ্ৰ দেশৰ লগতে মঙলাবাৰে বৰপেটাতো ৭২ সংখ্যক গনৰাজ্য দিৱস পালন কৰা হয়৷ বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জিলা ভিত্তিত আয়োজিত গনৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ আইন আৰু জিএমডিএ’ উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন চৰকাৰী আচনি সমুহৰ বিষয়ে ৰাইজক অৱগত কৰে৷ পতাকা উত্তোলনৰ পিচতে মন্ত্ৰীগৰাকীয়ে আৰক্ষী, গৃহৰক্ষী বাহিনী, চি আৰ পি এফ, স্কাউট এণ্ড গাইড, এনচিচি আৰু একাংশ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰা পেৰেডৰ অভিবাদন গ্ৰহণ কৰে৷

গণৰাজ্য দিৱসৰ অনুষ্ঠানত বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, আৰক্ষী অধীক্ষক ডাঃ ৰৱীন কুমাৰকে ধৰি জিলাখনৰ সকলোবোৰ বিভাগৰ চৰকাৰী বিষয়াসকলৰ লগতে চৰকাৰী কৰ্মচাৰী সকলো উপস্থিত থাকে৷ আনহাতে অনুষ্ঠানত বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়৷ গণৰাজ্য দিৱস উপলক্ষে বিবিধ সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰা হয়৷

অনুষ্ঠানত সত্ৰীয়া কৃষ্টি সংস্কৃতিকে ধৰি বিবিধ জনগোষ্ঠীয় অনুষ্ঠানে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে৷ আনহাতে অনুষ্ঠানত বিভিন্ন চৰকাৰী বিভাগে প্ৰদৰ্শণ কৰে প্ৰতীকপট৷ অনুষ্ঠানত বৰপেটা পৰিবহন বিভাগে পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি পথ দূৰ্ঘটনা ৰোধৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰদৰ্শণ কৰা বিশেষ প্ৰতীকপটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply