বৰপেটা – বৰপেটা জিলা কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মা শুকুৰবাৰে উপস্থিত হৈ বৰপেটা জিলা কাৰাগাৰত। কাৰাগাৰ মহাপৰিদৰ্শক গৰাকীয়ে পৰিদৰ্শন কৰে বৰপেটা জিলা কাৰাগাৰ। কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই কাৰাগাৰ পৰিদৰ্শন কৰি বৰপেটা জিলা কাৰাগাৰত উদ্বোধন কৰে এটা শিশুৰ ওমলা ঘৰ।
কাৰাগাৰত শিশুৰ ওমলা ঘৰ উদ্ধোধন কৰি কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই কয়, আছাম হিউমেন ৰাইটচ্ কমিচন আৰু বিভিন্নজনৰ পৰামৰ্শ অনুসৰি ৰাজ্যত অব্যাহত আছে কাৰাগাৰৰ সংস্কাৰ৷ কাৰাগাৰৰ সংস্কাৰ কাৰ্যসূচী অনুসৰি ৰাজ্য চৰকাৰে প্ৰতিখন কাৰাগাৰতে শিশুৰ একোটা ওমোলা ঘৰ নিৰ্মাণ কৰিবলৈ লোৱা বুলিও মন্তব্য কৰে বৰ্ণালী শৰ্মাই। ইতিমধ্যে গুৱাহাটী কাৰাগাৰত শিশুৰ ওমলা ঘৰ মুকলি কৰাৰ পিচত বৰপেটাত শুকুৰবাৰে শিশুৰ ওমলা ঘৰ মুকলি কৰা হয়৷
কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই জনোৱা মতে, “মডেল প্ৰিজন মেনুৱেল ২০১৬ অনুসৰি কাৰাগাৰ সমুহৰ সংস্কাৰ অব্যাহত আছে৷ ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন কাৰাগাৰতে চি চি টিভি কেমেৰা লগোৱাৰ ব্যৱস্থা হাতত লোৱা হৈছে । কাৰাগাৰৰ সুৰক্ষাৰ বাবে ৰাজ্যৰ কাৰাগাৰ সমুহৰ বাহিৰত পেট্ৰ’লিঙৰ ব্যৱস্থা লোৱা হৈছে ।”
আনহাতে কাৰাবন্দীৰ স্বাস্থ্য সেৱাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ প্ৰতিখন কাৰাগাৰত চিকিৎসকৰ আৱাসগৃহ নিৰ্মাণৰ ব্যৱস্থা লোৱাৰ কথাও প্ৰকাশ কৰে কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই৷ ইপিনে কাৰাগাৰ সমুহত অধিক কাৰাবন্দী ৰাখিবলগীয়া হোৱাতো আন এক সমস্যা হৈ পৰা বুলিও মন্তব্য কৰে বৰ্ণালী শৰ্মাই৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এক হাজাৰ কাৰাবন্দী ৰাখিব পৰাৰ ব্যৱস্থাৰ বিপৰীতে সম্প্ৰতি প্ৰায় বাৰ শতাধিক কাৰাবন্দী থকা বুলি প্ৰকাশ কৰে কাৰাগাৰ মহাপৰিদৰ্শক গৰাকীয়ে৷
আনহাতে ৰাজ্যৰ প্ৰতিখন কাৰাগাৰ সম্প্ৰতি কভিড মুক্ত বুলিও সদৰি কৰে কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই৷ বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰে বৰপেটা জিলা কাৰাগাৰত শিশুৰ ওমলা ঘৰতো মুকলিক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে কাৰাগাৰখনৰ উন্নয়ন আৰু সমস্যাসমুহ সমাধানৰ চেষ্টা চলাই থকাৰ কথা জানিবলৈ দিয়ে৷