গুৱাহাটী– প্ৰকৃতিৰ শান্ত-সমাহিত পৰিৱেশৰ মাজত জাতি-জনগোষ্ঠীৰ মিলন ক্ষেত্ৰ। নানা পক্ষীৰ কলৰৱৰ মাজত প্ৰদূষণৰ পৰা বহু আঁতৰৰ গুৱাহাটী মহানগৰীৰ নিচেই ওচৰত থকা এই ঠাই টুকুৰাই হৈছে প্ৰকৃতিৰ ৰম্য়ভূমি চান্দডুবি। পৰিভ্ৰমী চৰাইৰ কাকলিৰে মুখৰিত হৈ চান্দডুবিক হৈ উঠে আৰু অধিক মনোমোহা। চান্দডুবিত বড়ো, ৰাভাকে ধৰি বিভিন্ন জনজাতীয় লোকে বাস কৰে । লোক-সংস্কৃতিক জীয়াই ৰখাৰ চান্দডুবিত প্ৰতিবছৰে ইয়াত পতা হয় ‘চান্দডুবি মহোৎসৱ’।

আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ‘চান্দডুবি মহোৎসৱ’। বৰ্ণাঢ্য় কাৰ্যসূচীৰে ৪ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব এই মহোৎসৱ। ২০১১ চনৰ পৰা পৰা চান্দডুবিত আয়োজন কৰি অহা হৈছে চান্দডুবি মহোৎসৱ।

চান্দডুবি মহোৎসৱ

উদ্যোক্তা সকলে জনোৱা অনুসৰি চানডুবি উৎসৱত বিভিন্ন জনগোষ্ঠীৰ লোক কৃষ্টি, লোক নৃত্য আৰু বিভিন্ন পৰম্পৰাগত খাদ্য-সম্ভাৰৰ লগতে হস্তী আৰোহণ, নৌকা বিহাৰ, টঙীঘৰ আৰোহণ তথা পৰম্পৰাগত খেল ধেমালিৰ লগতে বস্ত্ৰ মেলা,গ্ৰন্থ মেলা আৰু কৃষি মেলাৰ সুবিধা পাব ৷

এইবাৰ এই উৎসৱৰ বাৰেৰহণীয়া কার্যসূচীত পূর্বৰ দৰেই মনোমুগ্ধ লোককৃষ্টি, খাদ্য ব্যঞ্জনকে ধৰি থলুৱা জাতীয় পৰম্পৰাৰ লগতে পৰিৱেশ সুৰক্ষা সম্পর্কীয় সজাগতামূলক অনুষ্ঠান আদিও অনুষ্ঠিত কৰা হ’ব ।

থলুৱা খাদ্য় সামগ্ৰী

এই ক্ষেত্রখনৰ উচিত সংৰক্ষণৰ জৰিয়তে এক উল্লেখনীয় পর্যটন ক্ষেত্র হিচাপে গঢ়ি তোলাৰ প্রয়াসেৰে অনুষ্ঠিত কৰি অহা এই উৎসৱত অঞ্চলটোৰ থলুৱা লোকসকলৰ চহা জীৱনৰ অনবদ্য বর্ণিল জীৱনশৈলী, খাদ্যাভাস তথা থলুৱা পৰম্পৰাগত খেল–ধেমালিৰ উপৰি অসমীয়া জাতীয় জীৱনৰ স’তে সংপৃক্ত সকলো লোককৃষ্টিৰ সমাহাৰ ঘটে ৷

থলুৱা খাদ্য়

বিলখনৰ সেউজীয়া বাকৰিত বাঁহ, বেত, খেৰ, নৰা আদিৰ উপৰি বিভিন্ন শিল্পকর্মৰে গৃহ তথা মঞ্চ আদিও দৃষ্টিনন্দন ৰূপত সাজি উলিয়াইছে আয়োজকসকলে ৷

উল্লেখ্য যে ২০২০ চনত নাগৰিকত্ব সংশোধনী আইনৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত চানডুবি উৎসৱ অনুষ্ঠিত হ’ব পৰা নাছিল ৷ ‘কা প্ৰতিবাদ’, ‘কৰোণা’ সংহাৰৰ পিছতেই এইবাৰ বিভিন্ন কাৰ্যসূচীৰৰ সমাহাৰত আয়োজন কৰা হৈছে ১১ সংখ্যক চানডুবি উৎসৱৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply