সাংসদ নৱ শৰণীয়া মন্তব্য

গুৱাহাটী– বিটিচিত মুখ্য কাৰ্যবাহী হিচাবে শপতগ্ৰহন কৰাৰ পিছতো গুৱাহাটীৰ হোটেল লিলিত পাৰিষদ সকলক আবদ্ধ কৰি ৰাখিব লগা পৰিস্থিতিক লৈ সাংসদ নৱ শৰণীয়া মন্তব্য।

‘বৰ্তমান ৰাজনীতিত হোটেল ৰাজনীতি চলেই, বিটিচিত এতিয়া যি চলিছে তাৰ বাবেই এই ব্যবস্থা |এতিয়াও কিছু আলোচনা হ’বলগীয়া বিষয় আছে সেই বাবেই হোটেলত থাকি আলোচনা চলিছে বুলি মন্তব্য কৰে শৰনীয়াই ।

‘হাগ্রামাই এতিয়াও চৰকাৰ গঠন কৰাৰ কথা ভাবি আছে যাৰ বাবে বিপিএফে নিৰ্বাচিত সদস্য ক্রয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে | জয়ৰ পিছত সমষ্টিলৈ যাব নোৱৰাৰ এটা দুখটো স্বাভাৱিক |

প্রমোদ বড়ো নতুনকৈ ৰাজনীতিত আহিছে,সেয়ে তেওঁ ৰাজনীতিৰ গোটেই কথা জনা হোৱা নাই। ইয়াৰ বাবে অলপ সময় লাগিব বুলি কয় সাংসদ গৰাকীয়ে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply