নগাঁও: নগাঁৱত সংঘটিত হৈছে তন্ত্ৰ মন্ত্ৰৰ নামত এটা ভাড়াঘৰৰ মালিকক ব্লেকমেইলিং কৰাৰ ঘটনা। নগাঁৱৰ কঁচুলখোৱাৰ পংকজ কুমাৰ বৰ্মন নামৰ এজন লোকৰ ঘৰত ভাড়াতীয়া হিছাপে থকা এটা পৰিয়ালে তন্ত্ৰ মন্ত্ৰ কৰাৰ নামত ব্লেকমেইলিং কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
তন্ত্ৰ মন্ত্ৰ কৰাৰ নামত পৰিয়ালটোৰ পৰা কেইবাবাৰো ধন আদায় কৰি অহাৰ অভিযোগ উত্থাপন হৈছে বিজয় দে নামৰ লোকজনৰ পৰিয়ালৰ বিৰুদ্ধে। ভাৰতীয় হিচাপে থকা বিজয় দেৰ পৰিয়ালে মালিক পৰিয়ালক বিভিন্ন সময়ত নানা ভয় দেখুৱাই তন্ত্ৰ মন্ত্ৰ কৰি দিয়াৰ নামত ধন আদায় কৰা বুলি অভিযোগ উত্থাপন কৰিছে মালিক পৰিয়ালে।
কেৱল এয়াই নহয় ভাড়াতীয়া পৰিয়ালটোৱে মালিক পৰিয়ালৰ এগৰাকী যুৱতীকো শেহতীয়াকৈ ব্লেকমেইলিং আৰম্ভ কৰাৰো অভিযোগ উত্থাপন হৈছে। যুৱতীগৰাকীৰ মোবাইল ফোনৰ গোপন তথ্য ভাইৰেল কৰাৰ নামত ধন দাবী কৰাৰৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ বিষয় সন্দৰ্ভত বুধবাৰে মালিক পৰিয়ালে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজহাৰ।
এই এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই অভিযুক্ত বিজয় দে সহ পৰিয়ালৰ আন দুগৰাকী সদস্যকো আটক কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে অধিক অনুসন্ধান।