ভায়’লেট বৰুৱালৈ বিশিষ্ট সেৱাৰ কাৰণে ৰাষ্ট্রপতিৰ আৰক্ষী পদক

নিউজ ডেস্ক: এইবাৰ গণৰাজ্য দিৱসত অসম আৰক্ষীৰ উপ–মহাপৰিদৰ্শক ভায়’লেট বৰুৱাই লাভ কৰিছে বিশিষ্ট সেৱাৰ কাৰণে ৰাষ্ট্রপতিৰ আৰক্ষী পদক। বৰুৱা BTADত কৰ্মৰত। অন্যহাতেদি অসমৰ ১৩গৰাকী আৰক্ষী বিষয়ায়ো লাভ কৰিছে আৰক্ষী পদক। তেওঁলোক হৈছে সুশান্ত বিশ্ব শৰ্মা আৰক্ষী অধীক্ষক ,গোৱালপাৰা, মোলেচ উদ্দিন আহমেদ কামান্ডেন্ট ২২ এপি আই আৰ লিকাবালী, ধেমাজী, অমৃত ভূঞা,আৰক্ষী অধীক্ষক দৰং,

দেৱাশীষ শৰ্মা, অধ্যক্ষ পুলিচ ট্ৰেনিং কলেজ ,দেৰগাও, দীপক বৰা,গোলাঘাট, ইমাম উদ্দিন চৌধৰী,কাছাৰ, ডিম্ব ৰাম তেৰাং, গুৱাহাটী, নিৰঞ্জন দাস, কাছাৰ, আনৱাৰ হুছেইন বৰভূঞা, কাছাৰ, পংকজ মহন্ত, গুৱাহাটী, জিতেন্দ্ৰ কুমাৰ সিং যাদৱ, গুৱাহাটী, হেমেন দাস, গুৱাহাটী আৰু অনিল ৰাজবংশী কোকৰাঝাৰ।

উল্লেখযোগ্য যে ২০২০ চনৰ জানুৱাৰীৰ ২৭ তাৰিখে নৱতম বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ পিছত বৰুৱাক BTR ৰ DIGৰ দায়িত্ব দিয়া হৈছিল। পূর্বে তেওঁ সীমান্ত বিভাগৰ আৰক্ষী উপ–মহা পৰিদৰ্শকৰ দায়িত্বত আছিল। চুক্তিৰ যোগেদি  BTRত এটা উপ–মহা পৰিদৰ্শকৰ পদ সৃষ্টি কৰা হৈছিল। বৰুৱা BTR ৰ প্ৰথম গৰাকী উপ–মহা পৰিদৰ্শক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply