নিউজ ডেস্ক – ভাৰতত ব্যৱহাৰ হৈ থকা ৪৩টা চাইনীজ ম’বাইল এপ নিষিদ্ধ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। মঙলবাৰে নিষিদ্ধ ঘোষণা কৰা হয় এই এপসমূহ। ভাৰত চৰকাৰৰ অণুবিজ্ঞান আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে কালি দেশত ৪৩ টা মোবাইল এপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তথ্য প্ৰযুক্তি আইনৰ অধীনৰ ৬৯ (এ) ধাৰাৰ অধীনত এই মোবাইল এপসমূহ দেশত নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰত চৰকাৰে। দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াব পৰা ধৰণৰ বিষয়বস্তু সন্নিবিষ্ট হোৱাৰ বুলি কাৰণ দৰ্শাই ভাৰত চৰকাৰৰ অণুবিজ্ঞান আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে এই মোবাইল এপ কেইটা দেশত নিষিদ্ধ কৰা সিদ্ধান্ত লয় বুলি জাননী জাৰি কৰে৷

উল্লেখ্য, ইয়াৰ পূৰ্বেও ভাৰত চৰকাৰে ২০২০ চনৰ ২৯ জুলাইত ৫৯ টা মোবাইল এপ আৰু ২০২০ চনত ১১৮ টা মোবাইল এপ দেশত নিষিদ্ধ কৰিছিল। কালি জাৰি কৰা জাননী অনুসৰি দেশত নিষিদ্ধ হ’বলগীয়া এপ সমূহৰ ভিতৰত আছে লালামুভি ইণ্ডিয়া, আলিবাবা ৱৰ্কবেঞ্চ, এলিপে কেছিয়াৰ, এড’ৰ এপ, উই ৱৰ্ক চাইনা, উই টিভি লাইট, উই টিভি, মংগো টিভি, দিং টক, আইডেনটিটি ভি, হেপী ফিছ, আলিছাপ্লায়াৰ্ছ, আলিএক্সপ্ৰেছ , আলিপে আৰু কেছিয়াৰ আদি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply