গুৱাহাটী – শৈক্ষিক উপকৰণক ভাৰতীয় সাংকেতিক ভাষালৈ পৰিৱৰ্তনৰ বাবে ভাৰতীয় সাংকেতিক ভাষা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ (ISLRTC ) আৰু NCERT ৰ মাজত এক ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। ISLRTC হ’ল সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনষ্ঠ দিব্যাংগ কল্যাণ বিভাগৰ এক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান। একেদৰে, NCERT হ’ল শিক্ষা মন্ত্ৰালয়ৰ এক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান। দুয়োটা প্ৰতিষ্ঠানে মুক-বধিৰ শিক্ষাৰ্থীৰ বাবে ভাৰতীয় সাংকেতিক ভাষাত শৈক্ষিক উপকৰণসমূহ উপলব্ধ কৰায়। সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড. থাৱৰ চান্দ গেহলট, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল, দিব্যাংগ সৱলীকৰণ বিভাগৰ সচিব শ্ৰীমতী শকুন্তলা দলে গামলিন আৰু শিক্ষা মন্ত্ৰালয়ৰ সচিব(এছইএণ্ডএল) শ্ৰীমতী অনিতা কাৰৱালৰ উপস্থিতিত বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয়। আইএছএলআৰটিচিৰ অধ্যক্ষ তথা দিব্যাংগ সৱলীকৰণ বিভাগৰ যুটীয়া সচিব ড০ প্ৰবোধ ছেথ আৰু এনচিইআৰটিৰ অধ্যক্ষ প্ৰফেচাৰ হৃষিকেশ সেনাপটিয়ে নিজৰ নিজৰ প্ৰতিষ্ঠানৰ হৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

অনুষ্ঠানত ড০ থাৱৰ চান্দ গেহলটে কয় যে এই বুজাবুজিৰ চুক্তি প্ৰকৃতাৰ্থত ঐতিহাসিক হৈ ৰ’ব, যিহেতু এতিয়াৰে পৰা এনচিইআৰটিৰ পাঠ্যপুথি ভাৰতীয় সাংকেতিক ভাষাত উপলব্ধ হোৱাটো নিশ্চিত হ’ল। ইয়াৰ ফলত শ্ৰৱণ শক্তি নোহোৱা ছাত্ৰ-ছাত্ৰীয়ে এতিয়া শৈক্ষিক উপকৰণসমূহ ভাৰতীয় সাংকেতিক ভাষাতো আয়ত্ব কৰিব পাৰিব। শ্ৰৱণ শক্তি নোহোৱা শিক্ষাৰ্থীৰ লগতে শিক্ষক, অভিভাৱকসকলো ইয়াৰদ্বাৰা উপকৃত হ’ব। এই বুজাবুজিৰ চুক্তিৰ পাছত এনচিইআৰটিৰ পাঠ্যপুথি আৰু শৈক্ষিক উপকৰণসমূহ ভাৰতীয় সাংকেতিক ভাষাত উপলব্ধ হ’ব, যি সমগ্ৰ দেশতে একে হ’ব। ইয়াৰ অৰ্থ এয়ে যে শ্ৰৱণ শক্তি নোহোৱা দেশৰ প্ৰতিটো প্ৰান্তৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় সাংকেতিক ভাষাত এনচিইআৰটিৰ পাঠ্যপুথি অধ্যয়ন কৰিব। ভাৰতীয় সাংকেতিক ভাষাই বৈচিত্ৰতাৰ মাজত একতাক প্ৰতিফলিত কৰে। ইয়াক হাতৰ সহায়ত বুজোৱা হয় আৰু চকুৰে দেখি উপলব্ধি কৰা হয়। ই দেশৰ সকলো শ্ৰৱণ প্ৰতিবন্ধী ছাত্ৰ-ছাত্ৰীক একেলগে সংযুক্ত কৰে।
শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকে তেওঁৰ ভাষণত এনচিইআৰটিক ইয়াৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱসত অভিনন্দন জনায় আৰু কয় যে এনচিইআৰটি আৰু আইএছএলআৰটিচিৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিয়ে নতুন শিক্ষা নীতি,২০২০এ বাধ্যতামূলক কৰা অনুসৰি ভাৰতীয় সাংকেতিক ভাষাত শৈক্ষিক মান নিৰ্ধাৰণ নিশ্চিত কৰিব। সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনষ্ঠ দিব্যাংগ কল্যাণ বিভাগে যোৱা ৬বছৰত দেশৰ দিব্যাংগজনৰ উন্নতি আৰু কল্যাণৰ বাবে উল্লেখনীয় কাম কৰিছে বুলিও তেওঁ উল্লেখ কৰে। এই বুজাবুজিৰ চুক্তিয়ে দেশৰ শ্ৰৱণ শক্তিহীন শিশুসকলক সৱল কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।