ভাৰতীয় নৌসেনাই (আইএন) আন্দামান সাগৰত ২৩ৰ পৰা ২৫ নবেম্বৰ, ২০২০লৈকে ২৭তম ভাৰত-ছিংগাপুৰ দ্বিপাক্ষিক সামুদ্ৰিক অনুশীলন ছিম্বেক্স-২০ৰ আয়োজন কৰিব।
ভাৰতীয় নৌসেনা আৰু ৰিপাব্লিক অফ ছিংগাপুৰ নেভী (আৰএছএন)ৰ মাজত ১৯৯৪ৰ পৰা বছৰি আয়োজিত হোৱা অনুশীলন, ছিম্বেক্স শৃংখলাৰ উদ্দেশ্য হৈছে পাৰস্পৰিক আভ্যন্তৰীণ-সঞ্চালন বৃদ্ধি কৰা আৰু পৰস্পৰে পৰস্পৰৰ সৰ্বোত্তম প্ৰথাসমূহ শিকা। যোৱা দুটা দশকত এই অনুশীলনৰ পৰিসৰ আৰু জটিলতা একেৰাহে বৃদ্ধি পাইছে, য’ত সামুদ্ৰিক সঞ্চালনৰ ব্যাপক কৰ্মক্ষেত্ৰক সামৰি লোৱা উন্নত নৌসেনা অনুশীলনো অন্তৰ্ভুক্ত আছে।
ছিম্বেক্স-২০২০ত চেটক হেলিকপ্টাৰৰ সৈতে বিধ্বংসী ৰাণা আৰু স্বদেশত নিৰ্মিত কৰ্বেট কমোৰ্টা তথা কৰমুক সহ ভাৰতীয় নৌসেনাৰ জাহাজ অন্তৰ্ভুক্ত হ’ব। ইয়াৰ উপৰিও, ভাৰতীয় নৌসেনাৰ ছাবমেৰিণ সিন্ধুৰাজ আৰু মেৰীটাইম ৰিকন্নেইছেঞ্চ বিমান পি৮আইয়েও এই অনুশীলনত ভাগ ল’ব।
‘ফৰমিডেবল’ শ্ৰেণীৰ ফ্ৰিগেট্ছ ‘ইনট্ৰেপিড’ আৰু ‘ষ্টেডফাষ্ট’, এন৭০বি হেলিকপ্টাৰ তথা ‘এনডিউৰেঞ্চ’ শ্ৰেণীৰ লেণ্ডিং শ্বিপ টেংক ‘এণ্ডিভাৰ’য়ে অনুশীলনত আৰএছএনৰ প্ৰতিনিধিত্ব কৰিব।
কোভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ‘নন-কনটেক্ট, এট ছী অনলী’ৰ ৰূপত আয়োজন কৰা এই অনুশীলন দুয়ো মিত্ৰ নৌসেনা আৰু সামুদ্ৰিক চুবুৰীয়া দেশৰ মাজত সামুদ্ৰিক ডমেইনত পাৰস্পৰিক বিশ্বাস,আস্থা আৰু সহযোগিতাৰ উচ্চ স্তৰক প্ৰতিপন্ন কৰে। ছিম্বেক্স-২০ত দুয়ো মিত্ৰ নৌসেনাই সমুদ্ৰত তিনি দিনৰ গভীৰ সংযোগ অভিযানত ৱিপন ফায়াৰিং সহ উন্নত এণ্টি-ৱাৰ ৱাৰফেয়াৰ আৰু এণ্টি-ছাবমেৰিণ ৱাৰফেয়াৰ অনুশীলনত ভাগ ল’ব।
অনুশীলনৰ ছিম্বেক্স শৃংখলা, ভাৰত আৰু ছিংগাপুৰৰ মাজত ভাবনাৰ সমন্বয় আৰু একেৰূপৰ উচ্চ স্তৰক প্ৰতিপন্ন কৰে। দুয়োখন দেশে সমগ্ৰ সামুদ্ৰিক সুৰক্ষা বৃদ্ধি কৰা আৰু এক নিয়ম আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ বাবে সংকল্পবদ্ধ।