নিউজ ডেস্ক– পাক-ভাৰত যুদ্ধত শ্বহীদ হোৱা বীৰ সকলক স্মৰণ কৰি দেশজুৰি পালন কৰা হয় ভাৰতীয় নৌ-সেনা দিৱস। দেশৰ সামুদ্ৰিক সীমান্তত অহৰ্নিশে পহৰা দি আছে নৌ-সেনাই। ভাৰতীয় নৌ-সেনাৰ শক্তিক সন্মান জনাই প্ৰতি বছৰে ৪ ডিচেম্বৰত পালন কৰা হয় ভাৰতীয় নৌ-সেনা দিৱস।

১৯৭১ৰ ৩ ডিচেম্বৰত ভাৰতে পাকিস্থানক নিজৰ শক্তি প্ৰদৰ্শন কৰি ভাৰতীয় সৈন্য়ৰ শক্তিৰ লগত পৰিচয় কৰাই দিছিল। যুদ্ধত জয়ী হোৱাৰ আনন্দতে ৪ ডিচেম্বৰ দিনটো আনন্দৰ দিন হিচাপে পালন কৰিছিল। উল্লেখ্য যে, পাকিস্তান সেনাই ১৯৭১চনৰ ৩ ডিচেম্বৰত ভাৰতীয় ক্ষেত্ৰ আৰু সীমান্তৱৰ্তী এলেকাসমূহত আক্ৰমণ কৰিছিল। যাৰ ফলত আৰম্ভ হৈছিল ১৯৭১ৰ যুদ্ধ। পাকিস্তানক তেতিয়া প্ৰত্যুত্তৰ দিয়াৰ বাবে আৰম্ভ কৰা হৈছিল ‘অপাৰেশ্যন ট্ৰাইডেন্ট’। এই যুদ্ধত ভাৰতীয় নৌ-সেনাৰ অস্ত্ৰ হিচাপে আছিল ৩খন বৈদ্য়ুতিক মিছাইল বোট, ২খন এন্টি- ছাবমেৰিন, এখন টেংকাৰ ।
এই অভিযানৰ লক্ষ্য আছিল পাকিস্তানৰ নৌ সেনাৰ কৰাছীৰ মুখ্য কাৰ্যালয়। এই যুদ্ধত কৰাচীৰ বন্দৰটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। এই জুই একেৰাহে ৭দিন সময় ধৰি জ্বলিছিল। ভাৰতীয় নৌ সেনাৰ এই আক্ৰমণত পাকিস্তানী সেনাৰ বহু কেইখন জাহাজ ধ্বংস হৈ যায়।
এই যুদ্ধত জয়ী হোৱাৰ আনন্দতে ৪ ডিচেম্বৰ দিনটো আনন্দৰ দিন হিচাপে পালন কৰিছিল ভাৰতীয় সেনাই।
উল্লেখ্য যে, ভাৰতীয় নৌ-সেনাৰ স্থাপন হৈছিল ১৯১২ চনত । ইয়াৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ জাহাজ সমূহ সুৰক্ষিত কৰি ৰখাৰ বাবে ‘ইষ্ট ইণ্ডিয়া কোম্পানী মেৰিন’ নামেৰে সেনা গঠন কৰিছিল। ১৮৯২ চনত এই গোটটোক ‘ৰয়েল ইণ্ডিয়ান মেৰিন’ নামেৰে নামাকৰণ কৰা হয়।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা পাছত ১৯৫০ চনত পুনৰ গঠন হল ভাৰতীয় নৌ-সেনা । তেতিয়াৰে পৰাই ভাৰতীয় নৌ-সেনাক ‘ভাৰতীয় নৌ-সেনা’ হিচাপে নামাকৰণ কৰা হ’ল।