নিউজ ডেক্স:- ছিডনীত চলি থকা তৃতীয় টেষ্টৰ দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ সামৰণি পৰে ৩৩৮ ৰানত |ইয়াৰ প্ৰত্যুত্বৰত ভাৰতে দ্বিতীয় দিনৰ সামৰনিত ২ টা উইকেটৰ বিনিময়ত ৯৬ ৰান কৰিছে | প্ৰথম ইনিংচত অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথে ১৩১ ৰানৰ ইনিংছ খেলে | স্মিথৰ টেষ্ট ক্ৰিকেটত এইটো আছিল ২৭ সংখ্যক শতকীয় ইনিংছটো।
এই শতৰানৰ সহায়ত ভাৰতৰ বিপক্ষে কম ইনিংচ খেলি অধিক শতৰান কৰাৰ অভিলেখ ৰচনা কৰে ষ্টিভ স্মিথে |
ভাৰতৰ বিৰুদ্ধে মাত্ৰ ২৫টা ইনিংছ খেলি স্মিথে ৮টা শতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে ৱেষ্ট ইণ্ডিজৰ গেৰী ছোবৰ্ছ, ভিভিয়াান ৰিচাৰ্ডছ আৰু অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিঙেও ভাৰতৰ বিৰুদ্ধে ৮টা শতকীয় ইনিংছ খেলিছে। কিন্তু স্মিথৰ তুলনাত আটাই কেইগৰাকীয়ে অধিক ইনিংছ খেলিবলগীয়া হৈছিল।