অসমৰ ১৪ জন বিজ্ঞানীয়ে স্থান লাভ কৰিছে ভাৰতৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত

নিউজ ডেস্ক-মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে চলোৱা এক সমীক্ষাত প্ৰকাশ পোৱা এক তথ্যই সমূহ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে।অসমৰ ১৪ জন বিজ্ঞানীয়ে স্থান লাভ কৰিছে ভাৰতৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত। ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ বিভিন্ন দিশত তেওঁলোকৰ পাৰদৰ্শিতাৰ বাবে তেওঁলোকক শীৰ্ষ বিজ্ঞানীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

ভাৰতৰ দুই শতাংশ শীৰ্ষ বিজ্ঞানীৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক কৃষ্ণ জি ভট্টাচাৰ্য ।

পৰিৱেশ বিজ্ঞান বিষয়ত ভাৰতৰ ভিতৰত তেওঁৰ স্থান তৃতীয় আৰু সমগ্ৰ বিশ্ব ভিতৰত তেওঁৰ স্থান হৈছে ২৩৫ ।

তালিকাত অন্তৰ্ভুক্ত হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন এজন অধ্যাপক প্ৰদীপ ফুকনে জৈৱিক ৰসায়নৰ বিষয়ত ভাৰতৰ ভিতৰত তেওঁৰ স্থান ৪৮ আৰু বিশ্বৰ ভিতৰত তেওঁ ২০৮৯ স্থানত আছে ।

লগতে তালিকাত অন্তৰ্ভুক্ত তেজপুৰ বিশ্ববিদ্যালয়ৰ শুভেন্দ্ৰু ভট্টাচাৰ্য (খাদ্য বিজ্ঞান ,ভাৰতৰ ভিতৰত স্থান অষ্টম ,বিশ্বৰ ভিতৰত স্থান ৫৫২),এন কাৰাক (polymer বিষয়ত ভাৰতৰ ভিতৰত স্থান ১১,বিশ্বত তেওঁৰ স্থান ৭৩৮ ),অশোক কুমাৰ (পদাৰ্থ বিজ্ঞান ,ভাৰতৰ ভিতৰত ১৪ আৰু বিশ্বৰ ভিতৰত ১২৩৪স্থান) ,ৰাজপাল এছ শিৰুহী (optoelectronics and photonics ,ভাৰতত স্থান ১১,বিশ্বত ১৮৮৮স্থান) ,বি এম চৌধুৰী (জৈৱ ৰসায়ন ,ভাৰতত ১৮ স্থান ,বিশ্বত তেওঁৰ স্থান ৩৬,বিশ্বত ১৭৮৬স্থান)

আৰু গুৱাহাটী আই আই টিৰ পৰা ভি এছ মৌলকৰ (chemical engineering ভাৰতত স্থান ১৭ ,বিশ্বৰ ভিতৰত ৩৫৩),গৌতম বিশ্বাস (Mechanical Engineering ভাৰতত ৬৭,বিশ্বত ১৭৬৪স্থান),সোমনাথ মাঝি (industrial engineering ভাৰতত ১০ ,বিশ্বত ১৩৩৩স্থান),টি পুণ্যমূৰ্তি (Organic chemistry ভাৰতত ৫৩ ,বিশ্বত ২৪৪৪স্থানত ),পি কে গিৰি (পদাৰ্থ বিজ্ঞান বিষয়ত ভাৰতত স্থান ৪৮,সমগ্ৰ বিশ্বত স্থান ৩২৯৪ )স্থানত অন্তৰ্ভুক্ত হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply