নিউজ ডেস্ক– সুদীৰ্ঘ ৫৫ বছৰৰ পাছত চলিব ভাৰত-বাংলাদেশৰ মাজত ৰেলসেৱা। ১৭ ডিচেম্বৰত মুকলি কৰা হ’ব এই ৰেল সেৱা। এই ৰেলসেৱাৰ উদঘাটন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেষ হাচিনাই।
ভাৰত -পাকিস্থানৰ মাজত হোৱা যুদ্ধৰ বাবে ১৯৬৫ চনতে কোঁচবিহাৰস্থিত হালধিবাৰী আৰু উত্তৰ বাংলাদেশৰ চিল্হাটীৰ মাজত ৰেলসেৱাৰ বন্ধ কৰি দিয়া হৈছিল।
অহা ১৭ডিচেম্বৰত হালধীবাড়ী-চিল্হাটীৰ ৰেলসেৱা পুনৰ চলিব ৰেলসেৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাচিনাই মুকলি কৰিব ৰেলসেৱা। এই বিষয়ে জনালে এন এফ আৰৰ মুখ্য় জনসম্পৰ্কৰক্ষী বিষয়া সুভানন চন্দ্ৰাই।
উল্লেখ্য যে ভাৰত বাংলাদেশৰ মাজত মালগাড়ী চলিব, যি এনআৰএফৰ কতিহাৰ ক্ষেত্ৰৰ অন্তৰ্গত । হালধিবাৰী আৰু চিল্হাটীৰ মাজৰ দূৰত্ব প্ৰায় ১২ কিলোমিটাৰ।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আন্তৰাষ্ট্ৰীয় সীমান্তৰ পৰা হালধীবাড়ী ৰেল ষ্টেচন ৪.৫ কিলোমিটাৰ দুৰত আছে আৰু বাংলাদেশৰ চিল্হাটী ৭.৫ কিলোমিটাৰ দুৰত আছে ।
উল্লেখ্য় যে হালধীবাড়ী আৰু চিল্হাটীৰ মাজত যেতিয়াৰ পৰা যাত্ৰীবাহী ৰেলসেৱা চলাচল হ’ব তেতিয়া কোচবিহাৰৰ মাজেৰে এই পথ জলপাইগুৰি লৈকে সংলগ্ন কৰা হ’ব । তেতিয়া জলপাইগুৰিৰ পৰা কলকতা ১২ঘন্টাৰ পৰিৱৰ্তে ৭ ঘন্টাতে পোৱা যাব।