ভাৰত-বাংলাদেশ সীমান্তত জব্দ গৰু

হাটশিঙিমাৰী – দক্ষিণ শালমাৰা মকাচাৰ জিলাৰ হাটশিঙিমাৰীত ভাৰত-বাংলাদেশ সীমান্তত মানকাচৰ আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত জব্দ ১৫ টাকৈ গৰু। মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত চিলিছল অভিযান।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কানাইমাৰা গাঁৱত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত মানকাচৰ আৰক্ষীয়ে এক অভিযান চলায়। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে বিষয়া গৰাকীয়ে চলোৱা অভিযানত ১৫ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গৰু কেইটা মানকাচৰ থানাত জমা কৰি ৰাখিছে।

মানকাচৰ আৰক্ষী বিষয়া বিনোদ কুমাৰ দাস ইয়াৰ পুৰ্বেও দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত কোকৰাডাঙ্গা গাঁৱত অভিযান চলাই এজন লোকৰ ঘৰৰ পৰা ৬ টা গৰু জব্দ কৰি মানকাচৰ থানালৈ আনিছিল। আৰক্ষী বিষয়া গৰাকীয়ে নিজৰ এলেকা এৰি অন্য থানাৰ এলেকাত প্ৰৱেশ কৰি গৰু জব্দ কৰাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে গৰুৰ গৰাকীয়ে ঘৰৰ পৰা অবৈধভাৱে গৰু জব্দ কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰাৰ যো জা চলাই থকা বুলি উমান পাই আৰক্ষী বিষয়া গৰাকীয়ে গৰু কেইটা মুকলি কৰি দিছিল বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

ইফালে পুনৰ কানাইমাৰা গাঁৱৰ লোক এজনৰ ঘৰৰ পৰা মানকাচৰ থানাৰ আৰক্ষী বিষয়া গৰাকীয়ে গৰু কেইটা জব্দ কৰি থানালৈ নিয়াৰ অভিযোগ উত্থাপন হৈছে। গৰুৰ গৰাকীয়ে মানকাচৰ থানাৰ আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ জো যা চলাই থকা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে মানকাচৰ আৰক্ষীয়ে ১৮ টাকৈ গৰু জব্দ কৰিছে যদিও ৰহস্যজনকভাৱে মাত্ৰ ১৫ টা গৰুৰ হিচাপ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত বাকী তিনিটা গৰু কত গ’ল তাক লৈ একাংশ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply