মানকাচৰ– ভাৰত-বাংলাদেশৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক মজবুত কৰাৰ লক্ষ্যেৰে বাংলাদেশৰ ‘জাতিৰ জনক’ বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমানৰ জন্ম শতবার্ষিকী উপলক্ষে দুই দেশৰ মাজত যৌথ ভাৱে এটি চাইকেল ৰেলী উলিওৱা হয়।

বর্ডাৰ ছিকিউৰিটি ফ’ৰ্চ (বিএছএফ) আৰু বাংলাদেশ ৰাইফলছ্ (বিডিআৰ)য়ে আয়োজিত কৰা মৈত্ৰী চাইকেল ৰেলীৰ আয়োজন কৰা হয়। পশ্চিম বংগৰ দক্ষিণ দিনাজপুৰ জিলাৰ তপন ব্লকৰ লক্ষ্মী-নাৰায়ণপুৰ সীমান্তৰ পৰা মিজোৰামৰ শিলকোট সীমান্ত অতিক্ৰম কৰি সোমবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শিশুমাৰা সীমান্তৰক্ষী বাহিনীৰ ছাউনীত উপস্থিত হয়।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শিশুমাৰা সীমান্ত ছাউনীৰ পৰা আৰম্ভ হোৱা চাইকেল ৰেলীৰ উদ্বোধন কৰে বিএছএফৰ বিষয়া প্ৰিয় ৰঞ্জনে।
মঙলবাৰে জোৰডাংগা সীমান্ত ছাউনীত বিএছএফ আৰু বাংলাদেশ ৰাইফলছ্ ৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ উপস্থিতিত এখন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব।