নিউজ ডেস্ক – পুনৰ ৰোষত পৰিল ঝাড়খণ্ডৰ বিজেপি নেতা দীপক প্ৰকাশ। বিজেপি চৰকাৰে জে এম এম ,কংগ্ৰেছ চৰকাৰক চেৰ পেলাব বুলি মন্তব্য কৰি এইবাৰ দেশদ্ৰোহী আখ্যা পালে বি জে পি নেতা জনে।
ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ জিলা সভাপতি শ্যাম কুমাৰ সিঙে বিজেপি নেতা জনৰ বিৰুদ্ধে আৰক্ষীথানাত অভিযোগ দাখিল কৰে। ভাৰতীয় দণ্ড বিধি ১২৪এ-৫০৪, ৫০৬, ১২০-বি ধাৰা অনুসৰি গোচৰ পঞ্জীয়ন কৰে।
ইয়াৰ পূৰ্বে ঝাড়খণ্ডৰ এখন নিৰ্বাচনী সভাত বিগত দুই মাহৰ ভিতৰতে কংগ্ৰেছ চৰকাৰৰ পতন হ’ব বুলি কৈ ৰোষৰ বলি হৈছিল বিজেপি নেতাজন ।এইবাৰ পুনৰ নেতা জনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ।
ইয়াৰ পিছতেই বিজেপি জিলা সভাপতি জনে সংবাদমেল সম্বোধন কৰে ।
সভাপতিজনে কয় ,’ যাৰ মুখত ‘বন্দে মাতৰম ‘,’ভাৰত মাতা কি জয় ‘ এই শ্লোগান ওলাই তেওঁৰ বিৰুদ্ধে এই চৰকাৰে ‘দেশদ্ৰোহী’ৰ আখ্যা দিছে। এজন দেশভক্তক বিশ্বাসঘাতকতা কৰিছে ।’