হোজাই – ভিক্ষাৰ ধনৰ ভাগ নোপোৱাৰ বাবে এজন হত্যা। ভিক্ষা বৃত্তিৰ লগত জড়িত এজন ব্যক্তিয়ে হত্যা কৰিলে অন্য এজনক। আৰক্ষীয়ে আটক কৰিলে হত্যাকাৰীক।

হোজাই জিলাৰ মোৰাঝাৰৰ মাটিখোলাত সংঘটিত আব্দুৰ নুৰ হত্যাকাণ্ডৰ হত্যাকাৰী চৌকত আলীক গ্ৰেপ্তাৰ মোৰাঝাৰ আৰক্ষীৰ৷ ভিক্ষাৰ ধনৰ ভাগ নোপোৱাৰ বাবেই চৌকত আলীয়ে হত্যা কৰিছিল আব্দুৰ নুৰ নামৰ এজনক৷

ভিক্ষা কৰা ধনৰ ভাগ বাটোৱাৰাক লৈ আব্দুৰ নুৰ আৰু চৌকত আলীৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ৷ উক্ত সংঘাতৰ পৰিণতিত শুকুৰবাৰে পুৱতি নিশা চৌকত আলীয়ে হত্যা কৰিছিল আব্দুৰ নুৰক৷

মাটিখোলাৰ জলসিঞ্চনৰ নলাত উদ্ধাৰ হৈছিল আব্দুৰ নুৰৰ ক্ষত বিক্ষত মৃতদেহ৷ চৌকত আলীয়ে ভিক্ষাৰ ধনৰ ভাগ নোপোৱাৰ বাবে হাতুৰীৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল আব্দুৰ নুৰক৷

মোৰাঝাৰ আৰক্ষীয়ে তদন্তমৰ্মে চৌকত আলীক আটক কৰি সোধপোছ কৰাত চৌকত আলীয়ে স্বীকাৰ কৰে হত্যাকাণ্ডৰ কথা৷ হত্যাকাণ্ডক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply