গুৱাহাটী – ভিক্ষা বৃত্তিত জড়িত শিশুসকলক সুনাগৰিক হিচাপে গঢ়ি তােলাৰ প্ৰয়াস। কামাখ্যা মন্দিৰ চৌহদত ভিক্ষা বৃত্তিত শিশুসকল জড়িত থকা সমস্যাটোৰ এটা ফলপ্রসু সমাধানৰ লক্ষ্যৰে বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত জিলা পর্যায়ৰ টাক্স ফৰ্চৰ এখন সভা অনুষ্ঠিত কৰা হয়।
অতিৰিক্ত উপায়ুক্ত পল্লবী কছাৰীৰ সঞ্চালনাত অনুষ্ঠিত সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সমিতিখনত জড়িত সমূহ বিষয়ববীয়াকে মন্দিৰ চৌহদত ভিক্ষা বৃত্তিত জড়িত সকলাে শিশুক ভিক্ষা বৃত্তিৰ পৰা আঁতৰাই পঢ়া-শুনাত মনােনিবেশ স্থাপন কৰি সুনাগৰিক হিচাপে গঢ়াৰ ক্ষেত্ৰত সক্রিয় ভূমিকা লােৱাৰ বাবে আহ্বান জনায়।
সভাত জিলা শিশু সুৰক্ষা বিষয়া ৰাজলক্ষী দেউৰীয়ে ভিক্ষা বৃত্তিত শিশুসকল যাতে কোনাে প্রকাৰে জড়িত নহয়, তাৰ প্রতি চোকা দৃষ্টি ৰাখিবলৈ কামাখ্যা মন্দিৰৰ দলৈ সমাজৰ বিষয়ববীয়া সকলক অনুৰােধ জনায়। সহকাৰী আৰক্ষী আয়ুক্ত ৰ’জী তালুকদাৰৰ উপৰি জিলা পর্যায়ৰ টাক্স ফৰ্চৰ সদস্যসকল তথা গল্ড, প্রিয়বন্ধু, সুম আদি বেচৰকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলে এই সভাত অংশগ্রহণ কৰে।