ৰঙিয়া – ৰঙিয়া জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা পুলিন লহকৰক শনিবাৰে সন্ধিয়া ৰঙিয়া আৰক্ষীয়ে আটক কৰে। ৰঙিয়া মহখুলিত আয়োজিত এখন অসম জাতীয় পৰিষদৰ দলীয় সভাত অংশগ্ৰহণৰ বাবে যোৱা সময়ত আৰক্ষীয়ে পুলিন লহকৰক আটক কৰি থানালৈ আনে।
ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন দাসে এই সম্পৰ্কত কয় , “ৰঙিয়া জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ দায়িত্বত থকাৰ সময়ত ২০১২ চনত পুলিন লহকৰে ৰঙিয়া দহৰাত জলসিঞ্চন আঁচনিৰ অধীনত প্ৰায় তিনি কোটি ৫৩ লাখ ৩৮ হাজাৰ টকা ব্যয়সাপেক্ষে এক নিৰ্মাণ কাৰ্য কৰিছিল। এই কামটোত দুৰ্নীতি হোৱাৰ অভিযোগ তুলিছে দহৰাৰ পৰমানন্দ কলিতা নামৰ এজন লোকে।
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ইয়াৰ নথি সংগ্ৰহ কৰি দুৰ্নীতি হোৱাতো প্ৰমান হৈছে। অভিযোগৰ সত্যতা প্ৰমাণিত হোৱাত পৰমানন্দ কলিতাই অৱসৰপ্ৰাপ্ত অভিযন্তা পুলিন লহকৰসহ তিনিজন লোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত এক অভিযোগ দাখিল কৰে। তদন্ত কৰি দুৰ্নীতি নিবাৰক শাখাই যোৱা ৬ জানুৱাৰীত এক গোচৰ ৰুজু কৰে। ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪০৬/৪২০/৪০৯ অধীনত ৰুজু কৰা গোচৰ নম্বৰ ২৪/২১ মতে তেওক গ্ৰেপ্তাৰ কৰা হৈছে”।
উল্লেখ্য যে কিছুদিন পূৰ্বে অসম জাতীয় পৰিষদত যোগদান কৰি নিৰ্বাচন কেন্দ্ৰিক কাম কাজ আৰম্ভ কৰাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা বুলি স্থানীয় দলীয় কৰ্মকৰ্তাসকলে অভিযোগ উত্থাপন কৰিছে। ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ কৰি দলীয় কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।