নিউজ ডেস্ক: নিউজ পৰ্টেল প্ৰতিবিম্ব লাইভৰ মুখ্য সম্পাদক আৰু বাৰ্তা সম্পাদকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে | পৰ্টেলটোত এগৰাকী মন্ত্ৰীৰ ফটো দেখুৱাই বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল বুলি অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে টুইট যোগে স্পষ্ট কৰিছে | দিছপুৰ থানাৰ গোচৰ নং ৬১২/২০২১ ত ভাৰতীয় দন্ডবিধি আইনৰ (509 IPC r/w sec 14/21 POSCO Act.) অধীনত গ্ৰেপ্তাৰ কৰিছে | আৰক্ষীয়ে কি তথ্যৰ ভিত্তিত উক্ত সংবাদ পৰিবেশন কৰিছিল সেই সম্পৰ্কে সোধা পোছা কৰিব বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে |
অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে টুইট যোগে শেহতীয়াকৈ সামাজিক মাধ্যমত সস্তীয়া প্ৰচাৰে চকুৰ পচাৰতে এখন ফটো অথবা এটা ভিডিঅ’ ভাইৰেল হৈ যায়। ইয়াৰ লগতে বহুসংখ্যকে নিজকে নিগেটিভ পাবলিশ্যিটি দিবলৈ অশ্লীল কাণ্ডৰ লগতে আজৱ ঘটনা সংঘটিত কৰাও দেখা যায় বুলি উল্লেখ কৰিছে ।
এনে ব্যক্তিৰ বিৰোদ্ধে কঠোৰ হ’ব বুলি টুইটযোগে জনোৱাৰ লগতে এনে ঘটনা সংঘটিত কৰা উক্ত একাউণ্টৰ গৰাকী আৰু পেইজটো পকছো আইনৰ বিৰুদ্ধে অধীনত শাস্তি প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰিছে অতিৰিক্ত আৰক্ষী সঞ্চালক গৰাকীয়ে ।
সংবাদসেৱাৰ নামত যোৱা সময়চোৱাত এচাম ব্যক্তিয়ে গোটেই বিভাগটোকেই কলুষিত কৰি আহিছে | নীতিবহিভূত ভাবে এচামে নিউজ পৰ্টেলৰ নামত চলাই থকা কাৰ্যক লৈ সংবাদমাধ্যমৰ সৈতে দীৰ্ঘকাল ধৰি জড়িত ব্যক্তিয়েও নিজা মঞ্চত ইয়াক নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰশাসনক আহ্বান জনাই আহিছে |