নিউজ ডেস্ক– ভূমি আগ্ৰাসনত সকলোতকৈ আগত থকা চীনে এইবাৰ সীমা সম্প্ৰসাৰণ কৰিলে ভূটানৰ ভূ-খণ্ডৰ ভিতৰলৈ। ২০১৭চনত চীনা আৰু ভাৰতীয় সেনাৰ মাজত উত্তেজনাৰ সৃষ্টি হোৱা ডোকলামৰ একবাৰে কাষতে চীনে স্থাপন কৰিলে এখন গাওঁ।
ভূটানৰ ভূমিৰ প্ৰায় ২কি.মি ভিতৰলৈ চীনে স্থাপন কৰা গাওঁ খনৰ ফটো চীনৰ এজন সাংবাদিকে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

চীনৰ চিজিটিএন নিউজত কৰ্মৰত চীনা সাংবাদিক শ্বেন শ্বিৱেই টুইটাৰত ডোকলাম অঞ্চলৰ কাষত গাওঁ স্থাপন কৰা ছবি আৰু স্থান সূচীত কৰে। পিছে কিছু সময়ৰ পাছত টুইটাৰৰ পৰা টুইটটো ডিলিট কৰি দিয়ে সাংবাদিকজনে।

এই খবৰে ভাৰতীয় সেনাক বিশেষভাবে চিন্তিত কৰি তুলিছে। কিয়নো ভূটানৰ সীমিত সশস্ত্ৰ বাহিনীৰ বাবে ৰাষ্ট্ৰখনৰ সাৰ্বভৌমত্ব ৰক্ষাৰ দায়িত্ব ভাৰতৰে।২০১৭ত ডোকলামত ভাৰত আৰু চীনৰ মাজত পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সংঘটিত সংঘৰ্ষত ২০জন ভাৰতীয় সেনা নিহত হোৱাৰ লগতে চীনা পক্ষৰো বহু হতাহত হৈছিল।

কিন্তু ভূটানৰ ভূমিখণ্ডৰ ভিতৰত চীনা গাওঁ স্থাপনৰ বিষয়ে ভূটান চৰকাৰে কোনো ধৰণৰ তথ্য় জাৰি কৰা নাই।ভাৰত আৰু চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সংঘাতমুক্ত কৰাৰ বাবে এক তিনি তৰপীয়া পৰিকল্পনা প্ৰস্তুত কৰিছে। এতিয়াও এই পৰিকল্পনা ৰূপায়ণত কোনো ধৰণৰ স্বাক্ষৰ কৰা নাই। কিন্তু এই পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত দুয়ো পক্ষই কোনো সময় নিৰ্ধাৰণ কৰা নাই।