নলবাৰী– চৰকাৰী ধনৰ কেনেদৰে অপব্যয় হৈছে তাৰ এক জ্বলন্ত প্ৰমান নলবাৰীত থকা ভূত বাংলা সদৃশ অৰ্ধনিৰ্মিত চৰকাৰী সভা গৃহটো।বিগত ১৬ বছৰে সভা গৃহটোসম্পূৰ্ণ হৈ নুঠিল।
সেই সময়ৰ তদানীন্তন কংগ্ৰেছী বিধায়ক মদন কলিতাই বিধায়ক পুঁজি তথা জিলা পৰিষদৰ অনুদানেৰে নির্মাণ আৰম্ভ কৰিছিল ঘগ্ৰাপাৰ থানাৰ নিচেই সমীপৰ চৰকাৰী সভা গৃহটো। লাখ লাখ টকা খৰচ কৰি নিৰ্মান কৰা সভাগৃহটোৰ টিনপাত আদি ধুমুহাই উৰুৱাই নিয়াৰ পিছত নিৰ্মাণত ব্যৱহাৰ হোৱা প্ৰায় দহ লাখ টকাৰ সামগ্ৰী তেতিয়াৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়াৰ অধীনত ৰখা হৈছিল।
পৰৱৰ্তী সময়ত কেইবাটাও চক্ৰ বিষয়া সলনি হল কিন্তু সামগ্ৰী সমূহ কোনে গোপনে বিক্ৰী কৰিলে সেয়া আজিও ৰহস্যৰ আৱৰ্তত।।বিগত ১৬ বছৰে কোনো এজন জিলা উপায়ুক্তই বিষয়টো তদন্ত কৰাত আগ্ৰহ নেদেখুৱালে। এই সময় চোৱাত চাৰি জনকৈ বিধায়ক সলনি হল সমষ্টিটোত কিন্তু সম্পূৰ্ণ নহল সভা গৃহটো। চৰকাৰী ধনৰ এইদৰে শ্ৰাদ্ধ পতা বিষয়টোক লৈ যে কাৰোৱেই গুৰুত্ব নাই তাক লৈ আক্ষেপ জনতাৰ |