সোণতলী – দক্ষিণ কামৰূপৰ সোণতলীত ভূমি কেন্দ্ৰিক বিবাদকলৈ ভয়ংকৰ মাৰপিট৷ মাৰপিটত আহত পুৰাণগাঁও এম ই স্কুলৰ প্ৰধান শিক্ষক ফটিক আলী৷ শিক্ষক ফটিক আলীৰ ভূমি বেদখল কৰিবলৈ আহিছিল ছয় জনীয়া দুৰ্বৃত্তৰ দল।
দক্ষিণ কামৰূপৰ সোণতলীত ভূমি কেন্দ্ৰিক বিবাদকলৈ এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। মাৰপিটৰ ঘটনাত পুৰাণগাঁও এম ই স্কুলৰ প্ৰধান শিক্ষক ফটিক আলী আহত হয়। জানিব পৰা মতে কিচমত কাঠমী গাঁৱত ফটিক আলী নামৰ প্ৰধান শিক্ষক গৰাকীৰ ম্যাদী ভূমি ছয় জনীয়া দুৰ্বৃত্তৰ দল এটাই বেদখল কৰিবলৈ আহিছিল। ফটিক আলীয়ে ভূমি বেদখল কৰিবলৈ অহা দুৰ্বৃত্তৰ দলটোক বাধা প্ৰদান কৰাৰত দুৰ্বৃত্তৰ দলটোৱে প্ৰধান শিক্ষক ফটিক আলীক আক্ৰমণ কৰে।
ফটিক আলীক দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ চলাই থকা প্ৰত্যক্ষ কৰি অন্য এজন লোক ফটিক আলীক ৰক্ষা কৰিবলৈ আগুৱাই যোৱাত দুৰ্বৃত্তৰ দলটোৱে ফাটিক আলীক ৰক্ষা কৰিবলৈ আগুৱাই যোৱা লোকজনকো আক্ৰমণ কৰে। দুৰ্বৃত্তৰ দলটোৱে ফটিক আলীৰ পৰা পঞ্চাশ হাজাৰ টকাৰ লগতে পান কাৰ্ড, ভোটাৰ কাৰ্ড আদি কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষক গৰাকীয়ে।
শিক্ষক গৰাকীক আক্ৰমণ কৰা দুৰ্বৃত্তৰ দলটোত মজবৰ হাজী, নজিৰুল হক, আজমল হক, হান্নান আলী, জামিৰুল হকৰ লগতে ফিৰোজা খাতুন নামৰ এগৰাকী মহিলা থকা বুলি জানিবলৈ দিয়ে প্ৰধান শিক্ষক ফটিক আলীয়ে। ভুক্তভোগী প্ৰধান শিক্ষক গৰাকীয়ে ঘটনা সম্পৰ্কে দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷