ভেটাপাৰাত ডকাইত কৰায়ত্ত

গুৱাহাটী– মহানগৰীৰ ভেটাপাৰাত সংঘটিত ডকাইতি কাণ্ডৰ লগত জড়িত থকা ১০ অভিযুক্ত কৰায়ত্ত। হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ডকাইতকেইটাক।

হাতীগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া বীৰেন ডেকাৰ নেতৃত্বত পৃথকে পৃথকে চলা অভিযানত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত কেইটাক।

যোৱা ৩১ ডিচেম্বৰত ভেটাপাৰাৰ চি এম এছ কোম্পানীৰ কর্মচাৰী নয়নমণি দাসৰ পৰা এটা ১০ জনীয়া দুর্বৃত্তৰ দলে লুটি নিছিল নগদ ২০ লাখ টকা। উক্ত ঘটনা সন্দর্ভত হাতীগাঁও থানাত ৰুজু হোৱা ৮০০/২০২০ নম্বৰৰ গোচৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে যোৱা ৫ জানুৱাৰীত সঞ্জীৱ সিং (২৭) আৰু মমতাজ আলী (২৩) নামৰ লোক দুজনক গ্রেপ্তাৰ কৰে৷ ধৃত লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বক্রাপাৰাৰ পৰা সঞ্জীৱ সিঙৰ পত্নী মেঘালী দাসক গ্রেপ্তাৰ কৰাৰ লগতে নগদ ২ লাখ ৫৭ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত লোককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই কামাখ্যা সিং (২৪) নামৰ লোকজনক গ্রেপ্তাৰ কৰাৰ লগতে এটা ৭.৬২ পিষ্টল উদ্ধাৰ কৰে৷

হাতীগাঁও আৰক্ষীৰ এটা দলে বিহাৰৰ ৰাজপুৰত অভিযান চলাই এই ডকাইতি কাণ্ডৰে জড়িত আদিত তিৱাৰী (২০) নামৰ লোকজনকো গ্রেপ্তাৰ কৰে ৷ যোৱা ৫ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীলৈকে চলোৱা অভিযানত ধুবুৰীৰ আশ্রাফুল শ্বেখ (২৮), বাক্সাৰ বিজু বসুমতাৰী (২৭), সুৰেন বসুমতাৰী (২৮), ৰিংচন চৌধুৰী (৩৪) আৰু বঙাইগাঁৱৰ ৰামনচন্দ্র নাথ (২৪)ক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই ডকাইতি কাণ্ডৰে জড়িত তিনিজন লোক এতিয়াও পলাতক হৈ আছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply