ডিব্ৰুগড় – ভেলেণ্টাইন দিৱসৰ দিনাই ডিব্ৰুগড় জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ভেলেণ্টাইন দিৱসৰ দিনাই এচিড আক্ৰমণৰ বলি হ’ব লগা হ’ল এগৰাকী যুৱতী। প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই এচিড আক্ৰমণৰ বলি হ’ল এগৰাকী ৩২ বছৰীয়া যুৱতী।
ভেলেণ্টাইন দিৱসৰ দিনা ডিব্ৰুগড় জিলাৰ আমোলাপট্টী আৰক্ষী চকীৰ অন্তৰ্গত মিৰ্জ্জাবাগত এগৰাকী যুৱতী নিশাৰ ভাগত কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি থকা অৱস্থাত দুৰ্বৃত্তই যুৱতী গৰাকীক এচিডেৰে আক্ৰমণ চলায়। এচিড আক্ৰমণৰ লগে লগে যুৱতী গৰাকী মাটিৰ ঢলি পৰে আৰু বাইকত অহা দুৰ্বৃত্ত পলায় যাবলৈ সক্ষম হয়।
এচিড আক্ৰমণৰ বলি হোৱা যুৱতী গৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি অসম মেডিকেল কলেজ চিকিৎসলায়ত প্ৰেৰণ কৰে। জানিব পৰা মতে এচিড আক্ৰমণৰ বলি হোৱা যুৱতী গৰাকীৰ অৱস্থা সংকটজনক। ডিব্ৰুগড় চহৰৰ মাজমজিয়াত সংঘটিত হোৱা এচিড আক্ৰমণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইফালে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ডিব্ৰুগড় নগৰ আৰক্ষীৰ উপ-পৰিদৰ্শক মনোৰঞ্জন শইকীয়া আৰু আমোলাপট্টী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপ সোণোৱালে অভিযান চলাই ঘটনাৰ লগত জড়িত বুদ্ধদেৱ দাস নামৰ ৫০ বছৰীয়া এজন লোকক গ্ৰেপ্তাৰ কৰিছে।