গুৱাহাটী – ভোগালী ভোগ ত্যাগ কৰি অনশনত বহিল তিনি নেতা। চচলস্থিত প্ৰতিবাদস্থলীত অনশনত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ তিনি নেতা। কৃষক নেতা অখিক গগৈৰ মুক্তিৰ দাবী আৰু “কা” বাতিলৰ দাবীত অনশন কাৰ্যসূচী কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ।
পদূলি মুখত হেঁপাহৰ মাঘৰ বিহু। ৰাজ্যবাসী ব্যস্ত মাঘৰ বিহুক আদৰি অনাৰ বাবে। ঘৰে ঘৰে মাঘৰ বিহুকলৈ চলিছে প্ৰস্তুতি। উৰুকাৰ নিশা মেজিৰ বাকৰিত সকলো মিলি এসাজ খাবলৈ মাছ-মাংস ক্ৰয় কৰিছে বজাৰ সমূহত। মুঠতে ভোগালী ভোগৰ বাবে পূৰ্ণ গতিত চলিছে আয়োজন।
ৰাজ্যজুৰি ভোগালীৰ ভোগৰ প্ৰস্তুতিৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ তিনি নেতাই আৰম্ভ কৰিছে অনশন। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ দুই নেতা বিটু সোণোৱাল আৰু মানস কোঁৱৰ চচলত আৰম্ভ কৰিছে অনশন কাৰ্যসূচী।
“কা” বিৰোধী আন্দোলনত সন্মুখৰ পৰা নেতৃত্বত প্ৰদান কৰা কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু “কা” বাতিলৰ দাবীত ধৈৰ্য কোঁৱৰ, বিটু সোণোৱাল আৰু মানস কোঁৱৰে বুধবাৰে পুৱা ১১ বজাৰ পৰা আৰম্ভ কৰিছে ৪৮ ঘণ্টা জোৰা অনশন কাৰ্যসূচী। চচলস্থিত প্ৰতিবাদস্থলীত এই তিনিজন নেতাই ভোগালীৰ আনন্দ ত্যাগ কৰি অনশনত বহি প্ৰতিবাদ সাব্যস্ত কৰিছে।