নিউজ ডেস্ক– দৰা সাজযোৰ পিন্ধিয়েই পুৱাই ভোটকেন্দ্ৰ ওলালহি এজন যুৱক। বাক্সাৰ গোৰেশ্বৰৰ শুক্লাই চেৰফাং সমষ্টিৰ ভোলাঝাৰ বাঙালীপাৰা হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰত দৰাৰ সাজত হঠাৎ দেখা গ’ল এজন ভোটাৰক। গোকুল পৌডেল নামৰ লোকজনে দৰাৰ সাজ পিন্ধিয়েই সকলোতকৈ প্ৰথমে আহি সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ। কাৰণ আজি তেওঁৰ শুভ বিবাহ। নিজৰ ভোটাধিকাৰ সাব্য়স্ত কৰিহে যুগ্ম জীৱনৰ পাতনি মেলিব যুৱকজনে।
যুগ্ম জীৱনৰ আৰম্ভনিৰ দিনটোতো তেওঁ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ পায় সুখী হোৱা বুলি সাংবাদিকৰ আগত উল্লেখ কৰে। লগতে গৌকুলে সকলো ভোটাৰ ৰাইজক ওলাই আহি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাই।

দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পেলাই নিৰ্বাচন আয়োগৰ ঘোষণা মতে আজি বিটিচিত অনুষ্ঠিত হ’ল চতুৰ্থ বিটিচি পৰিষদীয় নিৰ্বাচন। বাক্সা আৰু ওদালগুৰি জিলাৰ ২১ টা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱাৰে পৰা নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহত হিলদল ভাঙি ওলাই আহিছে সকলো স্তৰৰ ৰাইজ। তাৰ মাজতেই বাক্সাৰ গোৰেশ্বৰৰ ভোলাঝাৰ বাঙালীপাৰা হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই দেখা গ’ল এই ব্যতিক্ৰমী দৃশ্য।
বিবাহৰ দিনাখনো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এজন সজাগ আৰু সচেতন নাগৰিক হিচাপে গোকুল পৌডেলে নিজৰ আদৰ্শক প্ৰতিপন্ন কৰিলে।