যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

নাহৰকটীয়াৰ এক আধাৰশিলাৰ অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তার্লাপত

অসম জাতীয় পৰিষদক তীব্ৰ ভাৱে সমালোচনা কৰে অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্র আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাই।

‘বাংলাদেশীৰ ভোটৰ স্বাৰ্থত তেওঁলোকৰ দলীয় পতাকাখন বাংলাদেশৰ পতাকাৰ সৈতে একেই৷ ‘বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

দলটোৱে পুৰণা অসম জাতীয় পৰিষদৰ পৰা দলৰ লৈছে আৰু শ্ল’গান ভাৰতীয় জনতা পার্টীৰ পৰা লৈছে বুলি ইতিকিং কৰে৷ একেদৰে লুৰীণজ্যোতি গগৈয়ে নাহৰকটীয়াৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব বুলি ওলোৱা বিষয়ত আছু নেতাগৰাকীক কা আন্দোলনৰ নামত ধান আৰু সাহায্য সংগ্রহ কৰি পলায়ন কৰা বুলি কটাক্ষ কৰে৷

একেদৰে শ্বেৰমান আলীৰ মিঞা সংগ্রহালয় বিষয়ত মন্তব্য কৰি আলীয়ে যদি এই বিষয়টো বিধানসভাত উত্থাপন কৰে তেন্তে তেওঁ ভীষণ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি হুংকাৰ দিয়ে৷

দুদিনীয়া কার্যসূচীৰে আজি নাহৰকটীয়াত উপস্থিত হয় মন্ত্ৰী গৰাকী ।

মন্ত্ৰী গৰাকীয়ে নাহৰকটীয়াৰ গান্ধী বজাৰত ৫ কোটি ৭৫ লাখ টকাৰ ব্যয় সাপেক্ষে এটা অত্যাধুনিক ৰাজহুৱা প্রেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে।আধাৰশিলা কাৰ্যসূচীত উপস্থিত থাকে স্থানীয় বিধায়ক তথা অগপ নেতা নৰেন সোণোৱাল, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, বিজেপিৰ ৰাজ্যিক সম্পাদক তৰংগ গগৈ কার্যনির্বাহক ৰঞ্জিত বৰুৱা, অসম পেট্র’কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাৰ লগতে কে’বাগৰাকীও বিশিষ্ট ব্যক্তি।

উক্ত কাৰ্যসূচীৰ ভাষণ মন্ত্রীগৰাকীয়ে কয় যে অতি শীঘ্রে নাহৰকটীয়াত ১২ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’ব এখন কভিড হস্পিটেল।

আধাৰশিলা অনুষ্ঠানৰ পিছতে মন্ত্রীগৰাকীয়ে নাহৰকটীয়া চহৰত ৰ’ড শ্ব’ কৰি নাহৰকটীয়াত ১৫টা হাই মাষ্ট বিজুলী-বাতিৰো উদ্বোধন কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply