গুৱাহাটী – এইবাৰ গুৱাহাটীৰ ৰাজপথত চলিব গুলপীয়া ৰঙৰ বাছ৷ নতুন বছৰৰ আৰম্ভণিৰ পৰাই গুৱাহাটীৰ ৰাজপথত চলাচল কৰিব নতুন এই বাছ সেৱা৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত ২৫খন গোলপীয়া বাছ চলিব গুৱাহাটীত৷ মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ সুবিধার্থে চলিবলগীয়া এই বাছ সেৱা সম্পূর্ণ বিনামূলীয়া হ’ব৷

গুলপীয়া ৰঙৰ বাছকেইখন ‘ভ্রমণ সাৰথি’ নামেৰে নামকৰণ কৰা হৈছে৷ উল্লেখ্য যে বিজেপি মিত্রজোঁট চৰকাৰে অন্তিমখন বাজেটত বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই গুৱাহাটী মহানগৰৰ মহিলা আৰু বয়সস্থ লোকসকলৰ বাবে ‘ভ্রমণ সাৰথি’ নামৰ আঁচনিৰ জৰিয়তে বিনামূলীয়া আৰু উৎসর্গীকৃত বাছ সেৱাৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছিল৷ সেই অনুসৰি ব্যস্ত মহানগৰৰ পথত দিনটো চলাচল কৰি থাকিব এই বাছসমূহ৷ চৰকাৰে গ্রহণ কৰা এই আঁচনিয়ে মহিলা আৰু বয়সস্থ লোকসকলৰ বাবে যথেষ্ট সহায়ক হ’ব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply