গুৱাহাটী – অসম বিধানসভা নিৰ্বাচন শাসক-বিৰোধী নেতাসকলৰ মাজত আৰম্ভ হৈছে তীব্র বাকযুদ্ধ৷ দীর্ঘদিনৰ মূৰত অসমত উপস্থিত হৈ এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলে বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই কৰা আক্রমণাত্মক মন্তব্যৰ বাবে গ্রেপ্তাৰৰ ভাবুকি দিছিল৷

আনফালে এইবাৰ মন্ত্রী শর্মাই ৰাজহুৱাকৈ আজমলক উদ্দেশ্যি দেখুৱাইছে বুঢ়া আঙুলি৷ এ আই ইউ ডি এফৰ সমর্থকে পাকিস্তান জিন্দাবাদ শ্ল’গান দিয়া বুলি মন্ত্রী শর্মাই ভুৱা প্রচাৰ চলোৱাৰ অভিযোগত আজমলে থানাত ভৰোৱাৰ ভাবুকিও দিছিল৷ আনহাতে আজমলক কেয়াৰ কৰা মানুহ মই নহয় বুলি বুঢ়া আঙুলি দেখুৱাইছে মন্ত্রী শর্মাই৷

এ আই ইউ ডি এফৰ নেতাজনক উদ্দেশ্যি বুঢ়া আঙুলি দেখুৱাই কৈছ – আজমলে পুলিচ থানাৰ ভয় দেখুৱালেও কেয়াৰ নকৰোঁ আৰু ৰাজনীতি এৰি শুই নাথাকোঁ৷ অৱশ্যে আজমলক উদ্দেশ্যি মন্ত্রী শর্মাই এটা বুঢ়া আঙুলি দেখুৱাইছে যদিও আজমলে পাৰিলেও হেনো তেওঁৰ দুটা থেংগা নেদেখুৱায়৷ কাৰণ এনে আচৰণ সৰুৱে দেখিলে বেয়া৷

হিমন্তৰ বক্তব্যৰ পাছত আজমলৰ প্রতিক্রিয়া– ড০ হিমন্ত বিশ্ব শর্মাই খং নিয়ন্ত্রণত ৰাখক৷ ঠাণ্ডা হৈ থকাটো নিজৰ স্বাস্থ্যৰ বাবে ভাল৷ শিলচৰৰ ঘটনাটো যি হ’ব লগা আছিল হৈ গ’ল, এতিয়া সকলোৱে মিলিজুলি কাম কৰিব লাগে৷ মন্ত্রী শর্মাক চিকিৎসকৰ পৰামর্শ ল’বলৈ আহবান জনাই আজমলে কয় যে মন্ত্রী হিমন্ত বিশ্ব শর্মাই জিৰণিত থকাটো ভাল৷ তেওঁক সৰু ভাতৃ বুলি উল্লেখ কৰি আজমলে কয় যে মানসিকভাৱে যদি হতাশাত ভুগিছে তেন্তে তেওঁৰ চিকিৎসালয়লৈ আহিলে হাণ্ড্রেড পার্ছেণ্ট ফ্রি কৰি চিকিৎসা কৰি দিয়া হ’ব৷

মন্ত্রী শর্মাই তেওঁক যিয়েই নকওক, সৰু ভাতৃ বুলি ক্ষমা কৰি দি আজমলে মন্ত্রী শর্মাক ভাল কাম কৰিবলৈ পৰামর্শ দিয়ে, যাতে ৰাইজে ভাল পায়৷ ইফালে মোগলৰ প্রসংগত মন্ত্রী শর্মাই কয় যে এসময়ত যেনেদৰে কামাখ্যা মন্দিৰ ধবংস কৰি দিয়া হৈছিল, আজি তেনেদৰে অসমৰ সত্রসমূহ ধবংস কৰি দিয়া হৈছে৷

৩০০-৩৫০ বছৰৰ পাছতো আক্রমণ আৰু আক্রমণাত্মক ভংগী আছে৷ দুয়োটা আক্রমণৰ মাজত সাদৃশ্য দেখা পোৱা যায়৷ সেই দিনত যি চিন্ত-চর্চা আছিল আজিও এচামে সেই ধৰণৰ চিন্তাৰ পৰা আঁতৰি যাব পৰা নাই৷ মন্ত্রী শর্মাই কয যে ইতিহাসৰ পাত এটা আধুনিক প্রেক্ষাপটত সাঙুৰি দিয়া উচিত নহয়, কিন্তু উদ্দেশ্য একে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply