মঙলদৈ- পূৱভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । মঙলদৈৰ গেৰিমাৰী গাওঁত প্ৰায় ২৫০ বিঘা ভূমিত ১০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুস্থানত পৰিবহন আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া ,মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস,ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া উপস্থিত থাকে।
দক্ষতা বিশ্ববিদ্যালয়ত একে সময়তে বাৰটা পাঠ্যক্ৰমত দহ হাজাৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব । বিশ্ববিদ্যালয় খন ২০২৬ চনত সম্পূৰ্ণ হৈ উঠিব।