নিউজ ডেক্স:- অৱশেষত বিজেপিত যোগদানৰ দিন চূড়ান্ত হ’ল কংগ্ৰেছ ত্যাগ কৰা অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাৰ | শেহতীয়া অসম ভ্ৰমনৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহক লগ ধৰি বিজেপিত যোগদান কৰিব বুলি প্ৰকাশ কৰিছিল | ২৯ ডিচেম্বৰ২০২০ মঙলবাৰে বিজেপিত যোগদান কৰিব প্ৰাক্তন মন্ত্ৰী অজন্তা নেওঁগে । অজন্তা নেওগৰ সৈতে কংগ্ৰেছ বিধায়ক ৰাজদ্বীপ গোৱালাই যোগদান কৰিব বিজেপিত ।
বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মঙলবাৰে ১১ বজাত অনুষ্ঠিত হ’ব লগা যোগদান কাৰ্যসূচীত অজন্তা নেওঁগ আৰু ৰাজদ্বীপ গোৱালাই গেৰুৱাৱসন পিন্ধিব | যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিত থাকিব |