মৰাণ– ডিব্ৰুগড় জিলাৰ মৰাণত মথাউৰি নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। বগীবিল মধুপুৰত ৩ কি.মি মথাউৰিটোৰ মাত্ৰ ২ কি.মি নিৰ্মাণ কৰিয়ে আধাতে সামৰিছে দায়িত্ব। মথাউৰিটোৰ নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ প্ৰায় ২০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।

এই দুৰ্নীতিত একাংশ উত্তৰ -পূব ৰেলৱেৰ বিষয়া জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত লেজাই, কলাখোৱা, মধুপুৰ অঞ্চলৰ ৰাইজে তদন্তৰ দাবী জনাইছে।
বিষয়টোক লৈ স্থানীয় বিধায়ক চক্ৰধৰ গগৈৰো কোনো গুৰুত্ব নথকাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য় যে মথাউৰিটো নিৰ্মাণৰ দায়িত্ব লাভ কৰা ৰেলৱেই এচাম ঠিকাদাৰ। ঠিকাদাৰ সকলৰ হতুৱাই কাম কৰাই কাম আধাতে সামৰি সম্পূৰ্ণ ধন উলিয়াই নিয়াৰ অভিযোগ তুলিছে একাংশই।