মদনপুৰ টোল গেটত অগ্নি সংযোগ একাংশ যুৱকৰ

বাইহাটা – বাইহাটা চাৰিআলিস্থিত মদনপুৰ টোল গেট জ্বলাই দিলে একাংশ যুৱকে। হাতে হাতে লাঠিলৈ এফালৰ পৰা ভাঙি পেলোৱা হ’ল মদনপুৰ টোল গেট। ঘটনাস্থলীত বহু পলমকৈ আৰক্ষী উপস্থিত হোৱাৰ বাবে লণ্ডভণ্ড হ’ল মদনপুৰ টোল গেট।

শুকুৰবাৰে পুৱাৰ ভাগতে বাইহাটা চাৰিআলিস্থিত মদনপুৰ টোল গেটত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। একাংশ যুৱকে হাতে হাতে লাঠিলৈ এফালৰ পৰা ভাঙি লণ্ডভণ্ড কৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা মদনপুৰ টোল গেট। যুৱকৰ দলটোৱে টোল গেট লণ্ডভণ্ড কৰি অগ্নি সংযোগ কৰে।

জানিব পৰা মতে নতুন লেচীয়ে মদনপুৰ টোল গেটৰ দায়িত্ব লাভ কৰাৰ বাবেই সৃষ্ঠি হয় এই উত্তপ্ত পৰিস্থিতি। একাংশ যুৱকে হাতে হাতে ৰদ, লাঠী আদি লৈ ভাঙি লণ্ডভণ্ড কৰে মদনপুৰ টোলগেট। ইমানতে শান্ত নাথাকি টোল গেটত অগ্নি সংযোগো কৰে ক্ষোভিত যুৱক সকলে।

বহিঃৰাজ্যৰ লেচীয়ে টোল গেটৰ দায়িত্ব লাভ কৰাত একাংশ যুৱক ক্ষোভিত হৈ পৰি পুৱাৰ ভাগত টোল গেটত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। ঘটনাস্থলীত বহু সময়লৈকে কামৰূপ আৰক্ষীৰ দল উপস্থিত নোহোৱাত যুৱকৰ দলটোৱে টোল গেটত তাণ্ডৱ চলাই আতৰি যাবলৈ সক্ষম হয়।

বহু সময়ৰ পিচত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে পূৰ্বেও মানদপুৰ টোল গেট বহু বিতৰ্কৰ মাজত সোমাই পৰা পৰিলক্ষিত হৈছিল। টোল গেটখনক লৈ বিভিন্ন জনে বহু অভিযোগ উত্থাপন কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply