নিউজ ডেস্ক: যাত্ৰীবাহী বছে যাত্ৰীৰ জীৱনক লৈ হেতালী খেলাৰ বাবে মধ্যপ্ৰদেশত ভয়াবহ দূৰ্ঘটনাত পতিত হ’ল এখন যাত্ৰীবাহী বাছ | থিতাতে নিহত হল ৩৮ জনকৈ যাত্ৰী |
মধ্যপ্ৰদেশৰ সিধিত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনতো। মঙলবাৰে পুৱা সতনা নামৰ ঠাইলৈ গৈ আছিল বাছখন। কিন্তু বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত যাত্ৰীবাহী বাছখন বাগৰি পৰিল ৰাজপথৰ কাষৰ দ খাৱৈত।
আৰক্ষী সুত্ৰই প্ৰকাশ কৰা মতে দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ MP19-P-1882। বাছখনত ৫৪ গৰাকী যাত্ৰী আছিল।
৩২ খন আসন থকা বাছখন মূল পথেৰে নগৈ বাছখনৰ চালকজনে অন্য এটা ভিতৰুৱা পথেৰে বাছখন লৈ আগবাঢ়িছিল , বাছৰ চালকজনে গাড়ীখন ঘূৰাবলৈ লওঁতেই বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। এই ভয়ানক ঘটনাৰ পাছতে ওচৰৰ গাঁৱৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যত লাগে। পিছত প্ৰশাসনৰ লোকো ঘটনাস্থলীত উপস্থিত হৈ এতিয়ালৈকে ৩৮ টা মৃতদেহ উদ্ধাৰ কৰিছে |

এছ ডি আৰ এফৰ লোকে গাঁৱৰ লোকৰ সহায়ত বাছখনৰ পৰা ৭ গৰাকী যাত্ৰীক উলিয়াই আনিবলৈ সক্ষম হয়।ইফালে বাছখনৰ চালক বালেন্দ বিশ্বকৰ্মাই কোনোমতে সাঁতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। গাওবাসীয়ে
খাৱৈটো প্ৰায় ২০ পৰা ২২ ফুট পৰ্যন্ত দ বুলি জানিবলৈ দিয়ে। ঘটনাৰ প্ৰায় চাৰে চাৰি ঘণ্টাৰ পাছতে ক্ৰেনৰ সহায় লৈ বাছখনক খাৱৈটোৰ পৰা উলিয়াই আনে।
বাছখনৰ অধিকাংশ যাত্ৰীয়েই ৰে’লৱে আৰু ক্ৰিকেটৰ পৰীক্ষা দিবলৈ যোৱা ছাত্ৰ আছিল।
এই ভয়ংকৰ ঘটনাৰ পাছতে বাছখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰে।৩২ জনীয়া আসনৰ বাছখনত ৫৪ গৰাকী লোক বহুৱাৰ কাৰণে পৰিবহন কমিশ্যনাৰে ঘটনাৰ ওপৰত কঠোৰ তদন্ত কৰিবলৈ নিৰ্দেশনা দিয়ে।
ইতিমধ্যে আৰক্ষীয়ে বাছখনৰ চালকক গ্ৰেপ্তাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে এই দূৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা প্ৰকাশ কৰিছে | কেন্দ্ৰীয় পুঁজিৰ পৰা নিহত সকললৈ ২ লাখ আৰু আহত সকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে |