নগাঁও – মধ্য অসমত গঢ়লৈ উঠিছে চোৰাং গৰুৰ বৃহৎ ছিণ্ডিকেট। মধ্য অসমত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ঘোষণা কৰিছে জেহাদ। গৰু ছিণ্ডিকেটৰ লগত জড়িত লোক সকলৰ মূৰৰ কামোৰণী হৈ পৰিছে নগাঁও আৰক্ষী।

নগাঁও আৰক্ষীয়ে চোৰাং গৰুৰ ছিণ্ডিকেটকাৰী সকলৰ নিদ্ৰা হৰিছে। চোৰাং গৰু সৰবৰাহ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি জব্দ কৰিছে কেইবাখনো গৰু কঢ়িয়াই নিয়া বাহন। বুধবাৰে নিশা পুনৰ নগাঁও আৰক্ষীৰ অভিযানত জব্দ হয় চোৰাং গৰুসহ মিনি ট্ৰাক। নগাঁৱৰ বৰঘাট আৰক্ষীয়ে অভিযান চলাই চোৰাং গৰুসহ মিনি ট্ৰাক জব্দ কৰাৰ লগতে আটক কৰে তিনি গৰু সৰবৰাহকাৰীক।

জানিব পৰা মতে হোজাই জিলাৰ লংকাৰ নখুঁটিৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে এএছ-০২-বিচি-৪১৯০ নম্বৰৰ বাহনৰ পৰা ৯ টা চোৰাং গৰু জব্দ কৰে। আৰক্ষীয়ে গাড়ীখনৰ লগতে আব্দুল আজিজ, ওমৰ আলি আৰু বিল্লাল উদ্দিন নামৰ তিনি সৰবৰাহকাৰীকো আটক কৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে নগাঁও আৰক্ষীৰ চোৰাং গৰু ছিণ্ডিকেট বিৰোধী অভিযানত গৰু ছিণ্ডিকেটৰ এজন সদস্যক আটক কৰিছিল। আৰক্ষীয়ে নগাঁৱত আটক কৰা গৰু ছিণ্ডিকেটৰ লগত জড়িত সুৰাজ আলী নামৰ লোকজন এটা ৱেব পৰ্টেলৰ সাংবাদিক বুলি চিনাকি দি চোৰাং গৰুৰ ছিণ্ডিকেট চলাই আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply