মন্ত্ৰীসভাৰ পৰা পদত্যাগ নকৰে বি পিএফৰ তিনি মন্ত্ৰীয়ে

কোকৰাঝাৰ- ‘মন্ত্ৰীসভাৰ পৰা পদত্যাগ নকৰে বি পিএফৰ তিনি মন্ত্ৰীয়ে। মন্ত্ৰীসভাত মন্ত্ৰী থাকিব নে নাথাকিব সেই সিদ্ধান্ত বিজেপিৰ সভাপতিৰ নহয়’। আজি বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰি এই মন্তব্য কৰে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই |

উল্লেখ্য় যে, মঙলবাৰে যোগানীঘাট অঞ্চলত অনুষ্ঠিত এখন সভাত ৰাজ্য়িক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বি পি এফৰ তিনিজন মন্ত্ৰী ক্ৰমে প্ৰমীলা ৰাণী ব্ৰহ্ম ,চন্দন ব্ৰহ্ম আৰু ৰিহণ দৈমাৰীৰ মন্ত্ৰিত্ব কৰ্তন হোৱাৰ ইংগিত দিছিল। আজি ৰঞ্জিত দাসৰ মন্তব্য়ৰ প্ৰত্য়ুত্তৰ দিয়ে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই।

লগতে মন্ত্ৰীগৰাকীয়ে কয় ‘বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত বিপিএফৰ সৈতে পাঁচ বছৰৰ বাবে মিত্ৰতাৰ চুক্তি হৈছে। সেই সময় এতিয়াও উকলি যোৱা নাই , তেনে অৱস্থাত বিজেপিৰ সভাপতিয়ে কোৱাৰ দৰে মন্ত্ৰীসভাৰ পৰা আতৰোৱাৰ সাহস তেওঁলোকৰ নাই’।

‘বৰ্তমান সময়ত বিজেপিৰ ক্ষমতাই মুৰত ধৰিছে ,আগন্তুক সময়ত ইয়াৰ ফল ভুগিব লাগিব ‘। এইবুলি বিজেপিক সকীয়নী দিয়ে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply