গুৱাহাটী– মন্ত্ৰীসভাৰ পৰা বাদ পৰিব তিনিজন মন্ত্ৰীৰ পদ। শীৰ্ঘ্ৰেই মন্ত্ৰীসভাৰ পৰা কৰ্তন হ’ব তিনি মন্ত্ৰীৰ পদ। এই মন্তব্য় কৰে ৰাজ্য়িক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। মঙলবাৰে বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ শেষ দিন আছিল। বিটিআৰ নিৰ্বাচনৰ বাবে ৰাজ্য়িক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কেবাটাও পৰিষদীয় সমষ্টিত নিৰ্বাচনী সভাত অংশ লয়।
কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা,ছালাকাটি পৰিষদীয় সমষ্টিত বিজেপিয়ে নিৰ্বাচনী সভা অনুস্থিত কৰে। যোগানীঘাট অঞ্চলত অনুষ্ঠিত এখন সভাত অংশ গ্ৰহণ কৰি ৰঞ্জিত দাসে কয় , ‘মন্ত্ৰীসভাৰ পৰা শীৰ্ঘ্ৰেই বাদ পৰিব তিনিজন মন্ত্ৰী। বিগত ১৫বছৰত বিপিএফৰ আমোলত বিটিআৰ এলেকাত বসবাস কৰা সৰ্বসাধাৰণ বড়ো ৰাইজৰ কোনো আৰ্থিক উন্নয়ন হোৱা নাই। যি উদ্দেশ্য় আৰু লক্ষ্য় লৈ বিটিচি গঠন কৰা হৈছিল সেই জনগোষ্ঠীও আজি অৰ্থনৈতিক ভাবে সচ্ছল হৱ পৰা নাই।’
এই সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীকো তীব্ৰভাৱে সমালোচনা কৰে ৰঞ্জিত দাসে। তেওঁ কয়, ‘ অসম চৰকাৰৰ লগত মিত্ৰতাত থাকি হাগ্ৰামাই বিজেপিৰ বহু ক্ষতি কৰিলে। আঁঠুৱা আৰু কম্বল বিতৰণৰ নামতো হাগ্ৰামা আৰু একাংশ ঠিকাদাৰে হেজাৰ হেজাৰ কোটি টকা লুণ্ঠন কৰা বুলি তেওঁ মন্তব্য় কৰে। হাগ্ৰামাৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিয়ে নিজাববীয়াকৈ আইনৰ দ্বাৰস্থ হব।’
‘গুৱাহাটীত কচু-ঢেঁকীয়া বিক্ৰী কৰা বড়ো মহিলাৰ সংখ্য়া বৃদ্ধি হোৱাটোৱে ইয়াকে প্ৰমাণ কৰে। বডোফা উপেন ব্ৰহ্মৰ যি স্বপ্ন আছিল সেয়া ধূলিসাত কৰিলে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা আদৰ্শহীন,দৰ্শনহীন, । ক্ষমতাৰ স্বাৰ্থত যেতিয়াই যাক পাইছে তাৰ সৈতেই আদৰ্শহীন ভাৱে মিত্ৰতা কৰিছে হাগ্ৰামাই।’

বিটিআৰ নিৰ্বাচনী ফলাফলৰ পাচতে মন্ত্ৰীসভাত তিনিটা মন্ত্ৰী পদ খালী হ’ব বুলি উল্লেখ কৰি বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বি পি এফৰ তিনিজন মন্ত্ৰী ক্ৰমে প্ৰমীলা ৰাণী ব্ৰহ্ম ,চন্দন ব্ৰহ্ম আৰু ৰিহণ দৈমাৰীৰ মন্ত্ৰিত্ব কৰ্তন হোৱাৰ ইংগিত দিলেও ইয়াক প্ৰত্য়াহ্বান জনাইছে বিপিএফৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে।
দৈমাৰীয়ে কয় , বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতা অমিত শ্বাহ, নৰেন্দ্ৰ মোডীৰ উপস্থিতিত দিল্লীত হৈছিল। এই মিত্ৰতা ভাঙিবলৈ ৰঞ্জিত দাস কোন ?
আনহাতে ,বি পিএফৰে বিজেপিৰ মিত্ৰতা সন্দৰ্ভত ছেদ হোৱা বিস্ফোৰক মন্তব্য় কৰি ৰঞ্জিত দাসে কয় ,’বিটিচিত ৰাইজে পৰিৱৰ্তন বিচাৰিছে। প্ৰথম পৰ্যায়ত ৰাইজে ১৫ খন আসন পোৱাটো আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ছখন আসন লাভ কৰি একক সংখ্য়াগৰিষ্ঠতাৰে পৰিষদীয় চৰকাৰ গঠন কৰিব।’
লগতে সভাপতি ৰঞ্জিত দাসে বিপিএফক বাদ দি অইন যিকোনো দলক ভোট দিয়াৰ বাবে বিজেপিৰ প্ৰাৰ্থী নথকা সমষ্টিৰ ৰাইজলৈও আহ্বান জনায়।