ৰূপহীহাট – ৰূপহীহাটত আঠ কোটি টকীয়া পথ মেৰামতিৰ নামত মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘনিষ্ঠ ঠিকাদাৰৰ কেলেংকাৰী অভিযোগ। ২৪ ঘন্টা পাৰ নহওতেই বখলা-বখলে এৰাইছে কাৰ্পেটিং। আমছু কৰ্মীয়ে বন্ধ কৰিলে পথ মেৰামতিৰ কাম।
নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত পথ মেৰামতিৰ ২৪ ঘন্টা পাৰ নহওতেই বখলা-বখলে এৰাইছে কাৰ্পেটিং। দিনে-নিশাই এছ ডি বি চি মেছিনেৰে কাৰ্পেটিংৰ কাম সম্পূৰ্ণ হোৱাৰ পিছ দিনাই দুই-এখন লঘু যান বাহন যাতায়ত কৰাৰ পিছতেই কাৰ্পেটিং এৰাই যোৱাত স্থানীয় ৰাইজ আৰু দল সংগঠন জাঙুৰ খাই উঠিছে ঠিকাদাৰ অৰূপ শইকীয়াৰ বিৰুদ্ধে। পথ নিৰ্মাণৰ নিম্ন মানৰ কামকলৈ আমছুৰ স্থানীয় আঞ্চলিক ইউনিয়নৰ শতাধিক কৰ্মী সমৰ্থক আৰু গড়াজান জিলা পৰিষদৰ সদস্য ছেলিম জাভেদেও ঠিকাদাৰ অৰূপ শইকীয়াই দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ উজাৰে।
ঠিকাদাৰৰ লগত গড়কাপ্তানি বিভাগৰ বিষয়া আৰু অভিযন্তাৰ বুজাবুজিৰ ফলতে হাতীপূখুৰী-গড়াজান আৰু ৰৌমাৰী ঘেহুৱা চলচলি পথৰ মেৰামতিৰ নামত লু্ন্ঠন চলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। দেওবাৰে পূৱাৰ ভাগত আমছু কৰ্মী আৰু স্থানীয় ৰাইজে উক্ত পথ দুটাৰ মেৰামতিৰ কাম বন্ধ কৰি দিয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বেও খাটোৱাল-মাহেৰীপাৰ গড়কাপ্তানি পথছোৱা এৰাতিৰ ভিতৰত মেৰামতি সম্পূৰ্ণ কৰিছিল আৰু পিছ দিনাই কাৰ্পেটিং এৰাই যোৱাত অৱশিষ্ট মেৰামতি কাম বন্ধ কৰি দিছিল ৰাইজে।
ইপিনে ছাত্ৰ সংগঠনটোৱে দুৰ্নীতিৰ লিপ্ত ঠিকাদাৰক ব্লেক লিষ্টেড কৰাৰ বাবে সজোৰে দাবী উত্থাপন কৰিছে। উল্লেখ্য যে মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘনিষ্ঠ হোৱাৰ বাবেই ৰূপহীহাটৰ ৩৬ কিলোমিটাৰ পথ মেৰামতিৰ দুটা পেকেজৰ বিপৰীতে আৱন্টিত আঠ কোটি টকাৰ লোভনীয় মেৰামতি কামৰ ঠিকা লাভ কৰিবলৈ সক্ষম হোৱা অৰূপ শইকীয়াই প্ৰতিটো পথ মেৰামতিৰ কামত অতি নিম্ন মানৰ বিটুমিন অইল, শিল আদি ব্যৱহাৰ কৰি পালমৰা বিধৰ কাম কৰাৰ বাবেই স্থানীয় ৰাইজৰ ৰোষত পৰিছে। ৰাজনৈতিক ক্ষমতা ব্যৱহাৰ কৰি বৃহৎ ঠিকা লাভ কৰি নিজৰ মইমতালিৰে মেৰামতি কাম চলাই যোৱাৰ অভিযোগ উঠিছে ঠিকাদাৰ অৰূপ শইকীয়াৰ বিৰুদ্ধে।