গুৱাহাটী – শিলচৰৰ বিমানবন্দৰত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগানৰ ভিডিঅ’ বিপক্ষ দলৰ ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পিছতেই পিছতেই আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে।

কিছুদিন পূৰ্বে এ আই ইউ ডি এফৰ দলৰ প্ৰধান বদৰুদ্দিন আজমল শিলচৰ বিমান বন্দৰত উপস্থিত হোৱাত আজমলৰ সমৰ্থক সকলে ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিয়া বুলি প্ৰকাশ কৰি এক ভিডিঅ’ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা বুলি সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছিল।পৰৱৰ্তী সময়ত সেই ভিডিঅ’ টোত ‘পাকিস্তান জিন্দাবাদ’ বুলি কোনো ধৰণৰ শ্লোগান নাই বুলি স্পষ্ট হৈছে ।এই ভিডিঅ’ ভুৱা বুলি প্ৰমাণিত হোৱাত ছ’চিয়েল মিডিয়াৰ পৰা সম্পূৰ্ণ ৰূপে আঁতৰাই দিয়া হয় ।
পিছে ভিডিঅ’ টো ভুৱা বুলি প্ৰচাৰ হোৱাৰ পিছতেই মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটী ।মন্ত্ৰী গৰাকীয়ে ভুৱা প্ৰচাৰেৰে ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।
এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ নেতা দুৰ্গা দাস বড়োৱে কয় , ‘ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত আপলোড কৰা ভুৱা ভিডিঅ’ টো যদি সামাজিক মাধ্যমৰ কৰ্তৃপক্ষই আঁতৰাই নিদিলে হয় তেনেহ’লে এটা এটম বোমা তকৈ ভয়াবহ হ’লহেতেন।সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰি লক্ষাধিক লোকৰো ক্ষতিগ্ৰস্ত কৰিলেহেঁতেন ।’
এই সন্দৰ্ভত বৰ্তমান মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰে বিৰোধী দলৰ নেতাসকলে ।