বিহালী– বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। শাসক বিৰোধী দুয়োটা দলেই আৰম্ভ কৰিছে নিৰ্বাচনী ৰণকৌশল । পৃথকে পৃথকে প্ৰতিটো ৰাজনৈতিক দলেই ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ আৰম্ভ কৰাৰ সমান্তৰাল ভাৱে ভোটাৰ ৰাইজক লৈ অনুষ্ঠিত কৰিছে প্ৰাক নিৰ্বাচনী সভা।
বৃহস্পতিবাৰে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ সকলো বুথ কৰ্মী সকলক লৈ বুথ সংকল্প আলোচনা সভা অনুষ্ঠিত কৰা হয় বিহালীৰ জিনজিয়াস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰঙ্গমঞ্চত। এই সভাত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিতকো তীব্ৰ বাক্যবানেৰে থকসৰকা কৰে। তেওঁ কয় যে,” ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত। মন্ত্ৰী হোৱাৰ সুবাদতে ৰঞ্জিত দত্তই ভয়ংকৰ কেলেংকাৰী কৰি বিধানসভাৰ মজিয়াত ধৰা পৰা বুলিও মন্তব্য প্ৰকাশ কৰে। উন্নয়নৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা মন্ত্ৰী ৰঞ্জিত দত্ত ২০২১ চনৰ নিৰ্বাচনত পৰাভূত হোৱাটো নিশ্চিত বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতা গৰাকীয়ে।
বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই সভাপতিত্ব কৰা এই সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে কংগ্ৰেছ নেতা তথা ছট্টিশগড়ৰ অটল শ্ৰীবাস্তৱ ,শৈলেশ নীতিন তিৱাৰী, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা বিহালী সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰেমলাল গঞ্জুকে ধৰি বহু নেতাকৰ্মী অংশ গ্ৰহন কৰাৰ লগতে প্ৰায় তিনি সহস্ৰাধিক লোকে অংশ গ্ৰহন কৰে।